অসম সাহিত্য সভাৰ সঁজাতী দলৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বৈঠক

অসম সাহিত্য সভাৰ সঁজাতী দলৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বৈঠক

ডিজিটেল সংবাদ, নলবাৰীঃ অসম সাহিত্য সভাৰ সদ্য সমাপন হোৱা একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিৱেশনৰ ১ ফেব্রুৱাৰীত অনুষ্ঠিত প্রতিনিধি সভাত বিটিআৰ অঞ্চলত অসমীয়া ভাষা অৱহেলিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। প্রতিনিধি সভাত এই সন্দৰ্ভত বিস্তৃত আলোচনা হোৱাৰ পাছত ১৫ ফেব্ৰুৱাৰীত এই বিষয়ক লৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত কোকৰাঝাৰৰ কাজলগাঁও পৌৰসভাৰ কাৰ্যালয়ত সাহিত্য সভাৰ এটি সঁজাতী দলে বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বড়োৰে সৌহাৰ্দ্যপূৰ্ণ আৰু ইতিবাচক আলোচনাত মিলিত হয়।

বড়োলেও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহীগৰাকীৰ সৈতে হোৱা আলোচনাকালত ৰাজহ বিভাগৰ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰী উপস্থিত থাকে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিৱেশনৰ প্রতিনিধি সভাত বহুকেইগৰাকী প্ৰতিনিধিয়ে বিটিআৰ অঞ্চলত অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বাৰুকৈয়ে নানা সমস্যাৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰা আলোচনাৰ কেইটামান কথাই আমাক বাৰুকৈয়ে দুখ দিছে। একাংশ স্বাৰ্থান্বেষী চক্ৰই আমাক ভাষিক আৰু সাংস্কৃতিকভাৱে দুৰ্বল কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলি আছে। সকলো জাতি, জনগোষ্ঠী একগোত হৈ সেয়া জাতীয় জীৱনত সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান হোৱাতো কামনা কৰোঁ। অসমীয়া ভাষাৰ সৈতে অসমৰ প্ৰতিটো প্ৰতিটো ভাষাৰো উত্তৰণ, সমৃদ্ধিশালী হ’ব লাগিব। সেই বাবে এই বিষয়ত বিটিআৰৰ মুৰব্বী হিচাপে প্ৰমোদ বড়োৰ ইতিবাচক কাৰ্যপন্থা বিচাৰি প্ৰধান সম্পাদকগৰাকীয়ে লগতে যে অসম সাহিত্য সভাই প্রতিটো জনগোষ্ঠীয় ভাষা আৰু সাংস্কৃতিক পৰম্পৰাক সন্মান জনাই আহিছে। এই ক্ষেত্রত বড়ো ভাষাৰ লগতে বড়ো ভাইসকলৰ সাংস্কৃতিক পৰম্পৰাৰ যথোচিত অগ্রগতি আন্তৰিকতাৰে কামনা কৰে, বিটিআৰত বসৱাস কৰা খিলঞ্জীয়া ভূমিপুত্রক মাটিৰ পট্টা প্রদানৰ ব্যৱস্থা কৰা হওক- বুলি উল্লেখ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণজিৎ বসুমতাৰীয়ে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীৰ নেতৃত্বত যোৱা সঁজাতী দলটোত ভাগ লয় ক্ৰমে অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্রকল্প উপ সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্র কলিতা, বাক্‌সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস, মংগলচণ্ডী ব্ৰহ্ম ভাষা গৱেষণা কেন্দ্রৰ সমন্বয়ক অখিল কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সভাপতি খনীন্দ্ৰ চন্দ্র ৰয় আৰু সম্পাদক প্রশান্ত শৰ্মা, অসম সাহিত্য সভাৰ কার্য্যনিবাহক সদস্য মনালিছা শৰ্মা আৰু ওদালগুৰি সাহিত্য সভাৰ প্রাক্তন সম্পাদক অজয় কলিতাই।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই বিষয়টো খৰচি মাৰি আলোচনাৰ জৰিয়তে কয় যে বিটিআৰত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাটোৰ ব্যৱহাৰ সুনিশ্চিত কৰাটো উচিত। সেয়ে ইয়াৰ জৰিয়তে আমাৰ মাজত সমন্বয়-সম্প্রীতি ভাতৃত্ববোধ ভাবধাৰা অটুট থাকিব। বিটিআৰত ৰেচন কার্ড বড়ো আৰু অসমীয়া ভাষাত পৃথক পৃথককৈ দিয়া হৈছে। এই কার্য আমাৰ সমন্বয়-সম্প্রীতিৰ ক্ষেত্রত উদ্বেগজনক। একেখন ৰেচন কার্ডত বড়ো, অসমীয়া দুয়োটা ভাষা থাকিলে আমাৰ মাজত সম্ভাৱ প্রতিষ্ঠাত সহায়ক হ'ব। বিটিআৰ অঞ্চলৰ শিক্ষানুষ্ঠানত বড়ো মাধ্যম আৰু অসমীয়া মাধ্যমক ৰক্ষা কৰাৰ প্ৰয়াস কৰা হওক । বিটিআৰ অঞ্চলৰ প্রতিটো চৰকাৰী-বেচৰকাৰী কার্যালয় আৰু শিক্ষানুষ্ঠান আদিৰ নামফলকত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাৰ ব্যৱহাৰ কৰা হওক।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকদৰাকীয়ে এই বিষয়সমূহ শীঘ্রে যথাযথ কার্যকৰী কৰাৰ বাবে বিশেষ উদ্যোগ গ্রহণ কৰিবলৈ সভাৰ তৰফৰপৰা আহ্বান জনাই উল্লেখিত বিষয় সন্দৰ্ভত এখন পত্ৰ প্ৰদান কৰে। বিটিআৰৰ কাৰ্যবাহীগৰাকীয়ে সৌহাৰ্দ্যপূৰ্ণভাৱে বহলাই আলোচনা কৰি এই সকলো বিষয় সামৰি অসম সাহিত্য সভাৰ সৈতে আছু, এবছু আৰু বিটিআৰৰ কাৰ্যকৰ্তাৰ যৌধ আলোচনা সভা আয়োজনৰ পোষকতা কৰি তাৰ বাবে তেওঁ উদ্যোগ ল’ব বুলি দোহাৰে। সাহিত্য সভাৰ তৰফৰপৰা সেই আলোচনালৈ আনন্দেৰে সমৰ্থন জনোৱা হয়।

অসম সাহিত্য সভাৰ সঁজাতী দলৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বৈঠক
প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰেই ৭ খন নতুন এইমছ দেশবাসীৰ মুকলি কৰিব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in