''ধৰ্মীয় সভাৰ মূল তত্ত্ব হৈছে সমাজত আধ্যাত্মিক আৰু শান্তিৰ পৰিৱেশ অটুট ৰখা''

''ধৰ্মীয় সভাৰ মূল তত্ত্ব হৈছে সমাজত আধ্যাত্মিক আৰু শান্তিৰ পৰিৱেশ অটুট ৰখা''

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ টিহুৰ ওচৰৰ বাথানৰটাৰীত বাথানৰটাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু গাঁওৱাসীৰ অকুণ্ঠ সহযোগত দুদিনীয়াকৈ আয়োজিত একাদশ বাৰ্ষিক বাথানৰটাৰী ধৰ্মীয় সভা ২৮ অক্টোবৰত বিভিন্ন মাংগলিক কাৰ্যসূচীৰ জৰিয়তে আৰম্ভ হয়। এই উপলক্ষে আয়োজিত সভাৰ খলাৰ দ্বাৰ মুকলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ভাগ লয়। তেওঁ ভাষণ প্ৰসংগত কয় যে ধৰ্মীয় সভাৰ মূল তত্ত্ব হৈছে সমাজত আধ্যাত্মিক আৰু শান্তিৰ পৰিৱেশ অটুট ৰখা। এই পৰিৱেশৰ সোঁতৰ সৃষ্টি হ’ব মানুহৰ মহামিলন, সদ্ভাৱ আৰু ইতিবাচক চিন্তা জৰিয়তেহে।

সেয়ে সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাৰ বাবে মহত্ত্বপূৰ্ণভাৱে দেখুৱাই যোৱা নান্দনিক জাতীয় জীৱন পথৰ দৰ্শন আৰু আদৰ্শৰে আমি আগুৱাব লাগিব। জ্যেষ্ঠ নাগৰিক প্ৰহ্লাদ হালৈ আৰু পংকজ পাঠকে আঁত ধৰা এই অনুষ্ঠানত দ্বাৰ মুকলি কৰোঁতা বিশিষ্ট সমাজকৰ্মী গুণজিৎ অধিকাৰীৰ লগতে বিশিষ্ট শিক্ষাব্ৰতী প্ৰিয়নাথ ডেকায়ো প্ৰাসংগিক ভাষণ প্ৰদান কৰে।

এই অনুষ্ঠানত জনপ্ৰিয় সাংস্কৃতিককৰ্মী কুমুদ ভট্টাচাৰ্য, শিক্ষাব্ৰতী ডিম্বেশ্বৰ ডেকা, সমাজকৰ্মী মনেশ্বৰ কলিতা, চিত্তৰঞ্জন কলিতা প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য লোকে ভাগ লয়। ইয়াৰ পাছতে ফণীধৰ ডেকাই ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে। আকৌ স্থানীয় ভকতবৃন্দৰদ্বাৰা নামকীৰ্তন কৰোৱা হয়। সন্ধিয়া নাগাৰা নামৰ জনপ্ৰিয় শিল্পী পম্পী দাসৰ নাগাৰ নাম গাঁওখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক নগেন বৰ’ই উদ্বোধন কৰে। এই অনুষ্ঠানবোৰৰ পূৰ্বে পুৱাৰ ভাগত বাথানৰটাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি মধু কলিতাই পুৱা পতাকা উত্তোলনেৰে সভাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ইয়াৰ পাছতে বিশিষ্ট ব্যৱসায়ী ঘনাকান্ত পাঠকে শ্বহীদ বেদীত বন্তি জ্বলায়। বাথানৰটাৰীৰ শ্বহীদৰ ভাতৃ মদন কলিতা আৰু পৰিয়ালৰ সদস্যবৰ্গই মাল্যাৰ্পণ কৰে। স্থানীয় গাঁওপ্ৰধান হীৰামণি মেধি, বাথানৰটাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উদয় বৰ্মন, ধৰ্মীয় সভা পৰিচালনা সমিতিৰ সভাপতি কল্যাণ কলিতা আৰু পাৰাহকুছি গাঁও উন্নয়ন সমিতিৰ সভাপতি গৌৰাংগ দাসে গছপুলি ৰোপণ কৰে। এই অনুষ্ঠানৰ পাছতে বাথানৰটাৰীৰ মৃত ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰা হয়।

বাথানৰটাৰী গাঁও উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি প্ৰহ্লাদ হালৈয়ে মন্দিৰত বন্তি জ্বলোৱাৰ পাছতে ভাৰতীয় ডাক বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চণ্ডী কলিতাই ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে। বাথানৰটাৰী গাঁও উন্নয়ন সমিতিৰ উপ সভাপতি পবিন কলিতা, সম্পাদক ৰনেশ পাঠক, সহকাৰী সম্পাদক হৰিচৰণ ৰাজবংশী, ধৰ্মীয় সভা পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক পংকজ পাঠক, সভাপতি কল্যাণ কলিতা, সম্পাদক খনীন হালৈ, সহকাৰী সম্পাদক প্ৰাঞ্জল কলিতা, সাংস্কৃতিক সম্পাদক প্ৰাণজিৎ কলিতা প্ৰমুখ্যে বহুকেইগৰাকী নেতৃস্থানীয় সমাজসেৱকৰ তত্ত্বাৱধানত হোৱা এই শোভাযাত্ৰাত জগত ৰাজবংশীয়ে ভাগৱত আৰু গোৱিন্দ বৰ’ই প্ৰণামী বন্তি আলহ-উলহকৈ আগুৱাই নিয়ে। এই আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰাক প্ৰতি ঘৰৰ লোকে নিজৰ নিজৰ পদূলিত কল পুলি ৰুই, গামোচাৰ দলিচা পাৰি, চাকি, ধূপ-ধুনাৰে সাষ্টাংদ প্ৰণাম কৰি আদৰা পৰিৱেশ আছিল অতি নান্দনিক।

''ধৰ্মীয় সভাৰ মূল তত্ত্ব হৈছে সমাজত আধ্যাত্মিক আৰু শান্তিৰ পৰিৱেশ অটুট ৰখা''
কৰুণ! ৩ বছৰীয়া শিশুকে ধৰি এটা পৰিয়ালৰ ৭জন সদস্যৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in