/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/cdbc5fc1-5f7e-466a-8716-8e95e0c28c49/122.jpg)
ডিজিটেল সংবাদ, নলবাৰী : অসম সাহিত্য সভাৰ 'অসমৰ পৰিৱেশ্য কলা সংবর্ধন আৰু সংৰক্ষণ উপ সমিতি'ৰ উদ্যোগত অসমৰ জাতীয় জীৱনৰ শিপা সদৃশ প্রাচীন পৰিৱেশ্য কলাসমূহৰ সংবর্ধন আৰু সংৰক্ষণৰ বাবে এলানি কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। ইয়াৰ অংশ বিশেষ হিচাপে এই উপ সমিতিৰ উদ্যোগত তথা নলবাৰী জিলাৰ টিহু নগৰৰ নান্নাট্টাৰী দৌল মহোৎসৱ উদ্যাপন সমিতিৰ সহযোগত নান্নাট্টাৰী দৌল মন্দিৰত ২৪ মাৰ্চত ‘অসমৰ হোলীগীত’ বিষয়ক এখন আলোচনাচক্রৰ আয়োজন কৰা হৈছে।
বিয়লি ৪-০০ বজাত হ’বলগীয়া এই আলোচনাচক্রখন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্রজিৎ শর্মাই। অসমৰ পৰিৱেশ্য কলা সংৱৰ্ধন আৰু সংৰক্ষণ উপ সমিতিৰ কাৰ্যকৰী সভাপতি মধুসূদন মেধিৰ সঞ্চালনত হ’বলগীয়া এই আলোচনা চক্ৰত আলোচক হিচাপে ভাগ ল’ব ক্ৰমে চেঙাৰ ৰামানুজন একাডেমিৰ অধ্যক্ষ ৰোহিণী কুমাৰ দাস আৰু শুভাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ বাণেশ্বৰ বেজবৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/779ff86e-8df5-4f9f-aa30-bbf867dcf4ba/ae99140c_0fce_4e24_b744_8f59e02cdea6.jpg)
অনুষ্ঠানত ক্ৰমে নলবাৰী জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি কৰুণাকান্ত কলিতা, অসম সাহিত্য সভাৰ জনগোষ্ঠীয় ইতিহাস প্রকল্প সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্র কলিতা, প্রকাশন উপ সমিতিৰ আহ্বায়ক গোবিন্দ কলিতা, শৰৎচন্দ্ৰ গোস্বামী ভাষা-সংস্কৃতি গৱেষণা প্রকল্প সমিতিৰ আহ্বায়ক ধ্রুৱজ্যোতি শর্মা, ৰামধেনু উপ সমিতি আহ্বায়ক অজিতপ্রসাদ শর্মা, অসম সাহিত্য সভাৰ আমন্ত্রিত সদস্য প্রমোদ ডেকা, বিশিষ্ট শিক্ষাবিদ তথা অসম জাতীয় বিদ্যালয় শৈক্ষিক ন্যাসৰ সচিব ডাঃ নাৰায়ণ শৰ্মা, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সুৰেশ চন্দ্ৰ শৰ্মা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আমন্ত্রিত অতিথি হিচাপ অংশ ল’ব। অসমৰ পৰিৱেশ্য কলা সংৱর্ধন আৰু সংৰক্ষণ উপ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰে অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে।