নলবাৰীত অসম নাট্য সন্মিলনৰ উদ্যোগত "নাট্য শিল্পী-নাট্য সংগঠক সন্মিলন"...

নলবাৰীত অসম নাট্য সন্মিলনৰ উদ্যোগত "নাট্য শিল্পী-নাট্য সংগঠক সন্মিলন"...

ডিজিটেল সংবাদ, নলবাৰীঃ অসম নাট্য সন্মিলন, নলবাৰী জিলা সমিতিৰ উদ্যোগত অহা আগষ্ট মাহৰ ২৭ তাৰিখ ৰবিবাৰে "নাট্য শিল্পী-নাট্য সংগঠক সন্মিলন" অনুষ্ঠিত হ'ব। নলবাৰী জিলাৰ অপেছাদাৰী নাট্য সংগঠক আৰু নাট্য শিল্পীসকলক তেওঁলোকৰ অৱদানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাবে অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে এই উদ্যোগ গ্ৰহণ কৰিছে।

সন্মিলনখনি সাফল্যমণ্ডিত কৰাৰ বাবে নলবাৰী চহৰৰ শ্ৰীশ্ৰীহৰিমন্দিৰ প্ৰাংগনত এখন ৰাজহুৱা সভা যোৱা ৯ জুলাই ৰবিবাৰে অনুষ্ঠিত হয়। অসম নাট্য সন্মিলন, নলবাৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দিলজিত বৰ্মনে আঁতধৰা আৰু সভাপতি সুশীল মেধিয়ে সভাপতিত্ব কৰা সভাখনত কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ জয়ন্ত হাজৰিকা, নলবাৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি লক্ষী পাটোৱাৰী, অবসৰপ্ৰাপ্ত অভিযন্তা, খেলুৱৈ সত্যেন শৰ্মা, নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা, চিআৰ‌ইউৰ কেন্দ্ৰীয় সম্পাদক ৰাতুল বৰ্মন, চিলাৰায় মিছনৰ সম্পাদক উমেশ চন্দ্ৰ দাস, কণ্ঠশিল্পী দীপক দাস, নাট্য সংগঠক ধ্ৰুৱ বৰ্মন, শিল্পী গৌৰি বৰ্মন, কৌতুক শিল্পী হৰিশ তালুকদাৰ, হেমাংগ দত্ত, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্র একটা সভাৰ সভাপতি হেমেন কলিতা, অভিনেতা ধীৰেন কুমাৰ বৰ্মন, পৰিচালক জিতুমনি কলিতা, সূদৰ্শন গোষ্ঠীৰ সভাপতি ব্ৰজেন ডেকা, অসম নাট্য সন্মিলনৰ ৰত্নপীঠ মণ্ডলৰ সদস্য ডাঃ ধ্ৰুৱজ্যোতি ডেকা, জিলা সমিতিৰ উপদেষ্টা দিগন্ত মিশ্ৰ, প্ৰচাৰ সম্পাদক মনোজ বৰ্মন, নাট্য কৰ্মী ৰমেন তালুকদাৰ, বিশ্বজিৎ চৌধুৰী, অজিত বৰ্মন, উদয় কলিতা, অৰূপজ্যোতি দাস, চিআৰ‌ইউ নলবাৰী জিলাৰ সম্পাদক শান্তনু বৈশ্য, বিশিষ্ট ব্যক্তি তাহেৰ আলী, বিকাশ কলিতা, যাদব শৰ্মাকে ধৰি বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে।

অহা ২৭ আগষ্ট ৰবিবাৰে নাট্যমন্দিৰ, নলবাৰীত সমগ্ৰ নলবাৰী জিলাৰ অপেছাদাৰী নাট্য সংগঠক, বিভিন্ন গাঁৱে-ভূঞে নাটক আয়োজন কৰা সমিতি সমূহ, নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰা সংগঠন-অনুষ্ঠান লগতে জ্যেষ্ঠ নাট্যশিল্পীসকলক আমন্ত্ৰণ কৰি এই সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত সভাত আয়োজক সমিতিৰ সভাপতি হিচাবে নাট্য কৰ্মী ধীৰেন কুমাৰ দাস, কাৰ্যকৰী সভাপতি হিচাবে বিশিষ্ট চিকিৎসক ডাঃ ধ্ৰুৱজ্যোতি ডেকা, প্ৰধান সম্পাদক হিচাবে যুৱ সংগঠক ৰমেন তালুকদাৰক আৰু উপ সভাপতি হিচাবে লক্ষী পাটোৱাৰী, ব্ৰজেন ডেকা, দিগন্ত মিশ্ৰ, চবিন বৰ্মন, মিন্টু তামুলী আৰু ধ্ৰুৱ বৰ্মনক আৰু যুটীয়া সম্পাদক হিচাবে বিশাল বিক্ৰম চৌধুৰী, নয়ন শৰ্মাক দায়িত্ব অৰ্পণ কৰে বুলি জানিবলৈ দিয়ে প্ৰচাৰ সম্পাদক প্ৰণৱজ্যোতি কলিতাই।

নলবাৰীত অসম নাট্য সন্মিলনৰ উদ্যোগত "নাট্য শিল্পী-নাট্য সংগঠক সন্মিলন"...
অৱস্থা কাহিল উত্তৰ ভাৰতৰ; নেদেখাজনেই একমাত্ৰ ভৰসা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in