টিহুত অসম সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্তি অভিযান

সভাত পূৰ্বৰ যি লুণ্ঠন আৰু ব্যভিচাৰ চলিছিল সেই সকলো আঁতৰাই সভাক নতুন গতিৰে আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ...

author-image
Asomiya Pratidin
New Update
টিহুত অসম সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্তি অভিযান

ডিজিটেল সংবাদ, নলবাৰী : "অসম সাহিত্য সভাত এসময়ত ব্যাপক লুণ্ঠন চলিছিল। ইয়াৰ ফলত বহু লোকৰ সভাৰ প্ৰতি থকা আস্থা ভালেখিনি কমি গৈছিল। সভাত পূৰ্বৰ যি লুণ্ঠন আৰু ব্যভিচাৰ চলিছিল সেই সকলো আঁতৰাই সভাক নতুন গতিৰে আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ।’’ এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ।

Advertisment

নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ উদ্যোগত ২৪ আগষ্টৰ আবেলি অসম সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্তি অভিযান বিষয়ক সভা অনুষ্ঠিত হয়। এই সভাত মুখ্য অতিথি হিচাপে ভাগ লয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকী।

তেঁও উক্ত মন্তব্যৰ লগতে কয় যে অসম সাহিত্য সভাৰ সকলো বিষয়ববীয়া সেৱকহে। সকলো বিষয়ববীয়া সেৱাৰ মনোভাবেৰে সভাৰ কাম কৰি গ’লেহে সভা জনগণৰ মাজলৈ যাব। আমি আত্ম নিৰ্ভৰশীল হ’ব নোৱাৰিলে বাচি থাকিব নোৱাৰোঁ। সেয়ে অসম সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্তিৰে সভাৰ ‘অক্ষয় পুঁজি’ক টনকিয়াল কৰিব বিচাৰা হৈছে।

তেওঁ কয়- আমি অসম সাহিত্য সভাক জাতীয় অনুষ্ঠান বুলি কওঁ কিন্তু এই অনুষ্ঠানৰ হৈ কাম কৰিবলৈ বহু লোকে আগুৱাই নাহে। জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ চোতালত আয়োজিত আৰু শাখা সভাখনৰ সভাপতি কান্তেশ্বৰ কলিতাৰ পৌৰোহিত্যত হোৱা সভাখনৰ আঁত ধৰে জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক হৰেকৃষ্ণ পাঠকে।

এই সভাত অসম সাহিত্য সভাৰ ক্ৰমে জনগোষ্ঠী ইতিহাস প্ৰকল্প উপ সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, কুঁহি উপ সমিতিৰ আহ্বায়ক অজিতপ্ৰসাদ শৰ্মা, পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰ আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদনা সমিতিৰ সদস্য পংকজ বেজবৰুৱাই প্ৰাসংগিক ভাষণ প্ৰদান কৰে। লগতে শাখাখনৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু সদস্যক সভালৈ নতুন প্ৰজন্মক অন্তৰ্ভুক্তিৰে সভাক উজ্জীৱিত কৰিবলৈ আহ্বান জনায়।

সভাত শাখা সভাখনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰিয়নাথ ডেকা, কাৰ্যনিৰ্বাহক সদস্য হৰেকৃষ্ণ দাস, মদন কলিতা, নিৰঞ্জন পাটগিৰি, ধীৰেন্দ্ৰ কলিতা, দিবাকৰ কলিতা, কনক হালৈ, পৰিষ্মিতা শৰ্মা, হৰিপদ ডেকা, ফণীধৰ পাঠক, প্ৰদীপ দত্ত, মুকুল শৰ্মা প্ৰমুখ্যে বহুকেইগৰাকীসাহিত্যানুৰাগীয়ে ইতিবাচক মন্তব্য আগবঢ়ায়। এই সভাতে কেইবাগৰাকী সাহিত্যানুৰাগীয়ে অসম সাহিত্য সভাৰ আজীৱন সভ্য হোৱাৰ আগ্ৰহেৰে প্ৰপত্ৰ গ্ৰহণ কৰে।

Also Read: গড়গাঁও মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

asom sahitya sabha tihu Dr Upendrajit Sarma Asom sahitya sobha