বৰক্ষেত্ৰীত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন

বৰক্ষেত্ৰীত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন
Published on
Updated on

ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোৰাথাল গাঁৱত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ দেওবাৰে আধাৰশিলা স্থাপন কৰা হয় ৷ বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া আৰু অঞ্চলটোৰ অৰ্ধশতাধিক লোকৰ উপস্থিতিত মাংগলিক কাৰ্যসূচীৰে নিৰ্মাণকাৰ্য শুভৰাম্ভ কৰে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে ৷

স্থানীয় যুৱক অশ্বিনী দাস আৰু পৰীক্ষিত দাসে আঁত ধৰা অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলীয়ে৷ বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে ৰঙা ফিটা কাটি নাৰিকল ভাঙে৷ আধ্যাত্মিক চিন্তা চেতনাৰে পুষ্ট স্থানীয় ভকত অৰবিন্দ দাসৰ নামঘোষাৰে নিৰ্মাণকাৰ্যৰ শিলান্যাস কাৰ্যসূচী শুভৰাম্ভ কৰা হয় ৷

ঘোৰাথাল প্ৰাথমিক বিদ্যালয় চৌহদত নিৰ্মাণ কৰিবলৈ লোৱা ১১৬ নং ঘোৰাথাল আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো নিখুঁতভাৱে নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট ঠিকাদাৰক আহ্বান জনায় বিধায়ক দিগন্ত বৰ্মনে ৷ নিৰ্মানকাৰ্য শুভৰাম্ভ কৰি বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত আদৰ্শ অংগনবাড়ী কেন্দ্ৰটিৰ জড়িয়তে অঞ্চলটোক কণ কণ শিশু সকলে অধ্যয়নৰ এটি ভাল পৰিৱেশ লাভ কৰিব বুলি কয় ৷ অনুষ্ঠানত কেইবাগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বৰক্ষেত্ৰীত আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন
বটদ্ৰৱাত "সপোনৰ ৰাজআলিত সেউজীয়া দলিচাত এখোজ" শীৰ্ষক প্ৰকল্পৰ শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in