Advertisment

প্ৰয়াত শশীপ্ৰভা দেৱীৰ সোঁৱৰণত 'স্মৰণ' শীৰ্ষক সোঁৱৰণী গ্ৰন্থ উন্মোচন

'সভ্যতাৰ উত্তৰণত মাতৃৰ অৱদান অতুল্য। জাতিৰ বুনিয়াদ ৰচনা কৰে ৰত্নগৰ্ভা নাৰীয়ে। মমতাময়ী মাতৃৰ ত্যাগ আৰু সহিষ্ণুতাক বাদ দি সমাজৰ নক্সা অংকন কৰিব নোৱাৰি'।

author-image
Asomiya Pratidin
New Update
শশীপ্ৰভা দেৱীৰ সোঁৱৰণত 'স্মৰণ' শীৰ্ষক সোঁৱৰণী গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ নলবাৰীঃ 'সভ্যতাৰ উত্তৰণত মাতৃৰ অৱদান অতুল্য। জাতিৰ বুনিয়াদ ৰচনা কৰে ৰত্নগৰ্ভা নাৰীয়ে। মমতাময়ী মাতৃৰ ত্যাগ আৰু সহিষ্ণুতাক বাদ দি সমাজৰ নক্সা অংকন কৰিব নোৱাৰি'।

Advertisment

এই মন্তব্য কৰে বিশিষ্ট নাট্যকাৰ,পৰিচালক ধ্ৰুৱজ্যোতি শৰ্মাই। আজি নলবাৰী জিলাৰ বৰমুৰিকোনাত বিশিষ্ট সমাজসেৱিকা প্ৰয়াত শশীপ্ৰভা দেৱীৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ দিনা 'স্মৰণ' শীৰ্ষক এখনি সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰা হয়৷

শশীপ্ৰভা দেৱীৰ বাসভৱনত আজি দিনৰ ভাগত অনুষ্ঠিত সভাখনৰ আঁত ধৰে অসম ভেলী একাডেমী, নলবাৰীৰ প্ৰৱক্তা তথা সাংবাদিক শশাংক শৰ্মা আৰু শিক্ষক, লেখক অঞ্জন ভট্টাচাৰ্যই। আজিৰ সভাতে কৰেন্দ্ৰ চক্ৰৱৰ্তী, অঞ্জন ভট্টাচাৰ্য, শশাংক শৰ্মাৰ সম্পাদনাত প্ৰকাশ পোৱা 'স্মৰণ' শীৰ্ষক সোঁৱৰণী গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাই।

শৰ্মাই উন্মোচনী ভাষণত কয়, মাতৃ হৃদয়ৰ তুলনা পৃথিৱীৰ কাৰো সতে নহয়। স্বৰ্গ, সুতল আৰু অন্তৰীক্ষ একত্ৰিত হ'লেও তাতকৈ বিশাল মাৰ হৃদয়। যুগে যুগে এই কথা প্ৰমাণিত কৰে যশোদা, দৈৱকী,কৌশল্যা কিম্বা জিজিবায়ে।

খেৰসূতী আইতাকৰ মাতৃস্নেহে মহাপুৰুষ শংকৰদেৱৰ জন্ম দিছিল। শৰ্মাই ভাষণৰ মাজতে শশীপ্ৰভা দেৱীৰ স্মৃতিচাৰণ কৰে। 

প্ৰয়াত শশীপ্ৰভা দেৱীৰ বৰপুত্ৰ,বিশিষ্ট ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত এটি বৰগীত পৰিবেশন কৰে সাগৰিকা দেৱীয়ে। প্ৰয়াত শশীপ্ৰভা দেৱীৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শশীপ্ৰভা দেৱীৰ ভগ্নী কমলা গোস্বামীয়ে।

পুস্পাঞ্জলী প্ৰদান কৰে পুত্ৰ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী,দীপক চক্ৰৱৰ্তী,দীনেশ চক্ৰৱৰ্তী,কালীন্দ্ৰ চক্ৰৱৰ্তী,বোৱাৰী,নাতি-নাতিনী আৰু শুভাকাংক্ষীয়ে|কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড° বিকাশ ভাৰ্গৱ শৰ্মাই অতিথি হিচাপে উপস্থিত থাকি স্মৃতিচাৰণ কৰি কয়,বিদূষী মহিলা শশীপ্ৰভা দেৱী সৰ্বসাধাৰণ মানুহৰ লগত মিলিব পৰা এগৰাকী মহিলা আছিল।

ড° শৰ্মাই কয়, সাম্প্ৰতিক সময়ত সমাজত বৃদ্ধাশ্ৰম দেখি মনত অলপ দুখ পাইছোঁ|কিন্তু আমি নিৰুৎসাহিত হোৱা নাই। কিয়নো সমাজখন সুন্দৰকৈ চলি আছে। সমাজত
বয়োজ্যেষ্ঠৰ ভৱিষ্যত সুৰক্ষিত নহয় বুলি কেতিয়াবা মনত ভাব আহে যদিও এনে অনুষ্ঠানে নিশ্চিতভাৱে আমাক উৎসাহিত কৰে।

স্মৰণৰ যোগেদি ভৱিষ্যতৰ সোপান ৰচিব পাৰি বুলি মন্তব্য কৰি তেওঁ কয়,আমি অতীতক বাদ দি বৰ্তমানৰ সপোন দেখিব নোৱাৰো। সভাত বিশিষ্ট চিকিৎসক ডাঃ তীৰ্থনাথ শৰ্মা,বিশিষ্ট শিক্ষাবিদ অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন বেংক বিষয়া সুৰেশ ডেকা, প্ৰাক্তন সমবায় বিষয়া জগদীশ শৰ্মা,  জ্যেষ্ঠ নাগৰিক কাশীনাথ দেৱ শৰ্মা আদিয়ে শশীপ্ৰভা দেৱীৰ স্মৃতিচাৰণ কৰি আলোকপাত কৰে।

আজিৰ সভাত বয়োজ্যেষ্ঠ কেবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷সভাত বৰবৰী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক মনোৰঞ্জন শৰ্মা,গিৰীশ চন্দ্ৰ ডেকা,সমাজকৰ্মী বেলি কাকতী,ডাঃ হৰকুমাৰ শৰ্মা,ক্ষিতীশ কাকতি,চক্ৰেশ্বৰ মহন্ত,সুৰেন তালুকদাৰ,জোনা শৰ্মা,গজেন ডেকা বৰুৱা,মহেশ মহন্তকে আদি কৰি শতাধিক শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। 

ধ্ৰুৱজ্যোতি শৰ্মা স্মৃতিগ্ৰন্থ