মিথিংগা দৈমাৰীৰ পৰিয়ালৰ গুপ্তহত্যাৰ ২৬ বছৰঃ বৰমাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

হত্যাকাৰীয়ে আজিও শাস্তি নোপোৱাত ৰাইজৰ ক্ষোভ

author-image
Asomiya Pratidin
New Update
মিথিংগা দৈমাৰীৰ পৰিয়ালৰ গুপ্তহত্যাৰ ২৬ বছৰঃ বৰমাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

মিথিংগা দৈমাৰীৰ পৰিয়ালৰ গুপ্তহত্যাৰ ২৬ বছৰঃ বৰমাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

ডিজিটেল সংবাদ নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বৰমা শাখা সাহিত্য সভাৰ উদ্যোগত আৰু শুভাকাংক্ষীৰ সহযোগত ১১ আগষ্টৰ সন্ধিয়া নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, কবি-সুলেখক, সমাজ সংগঠক, আততায়ীৰ হাতত দেহাৱসান হোৱা ডাঃ ধৰণীধৰ দাসৰ স্মৃতিদিৱস উপলক্ষে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment

'চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য বন্তি জ্বলাই বৰমা শাখা সাহিত্য সভাৰ উপ-সভাপতি তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক কৰুণাকান্ত তালুকদাৰে ডাঃ ধৰণীধৰ দাসৰ গুণ-গৰিমাৰ বিষয়ে বক্তব্য আগবঢ়ায়। অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে বাক্‌সা জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি বসন্ত কুমাৰ শৰ্মা আৰু সমাজকৰ্মী ৰাজেশ্বৰ দাসে।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠানত বন্তি জ্বলাই প্ৰদান কৰা ভাষণত কয় যে, সজ পুৰুষ ডাঃ ধৰণীধৰ দাস আৰু তেওঁলোকৰ পৰিয়ালে আৱেগৰ নৈ কঢ়িয়াই ফুৰিছিল। ডাঃ ধৰণীধৰ দাসৰ ভাতৃ মিথিংগা দৈমাৰী নামটো আৱেগৰ অন্যতম উদাহৰণ। সেই আৱেগ আছিল সমাজ ৰূপান্তৰৰ। এই পৰিয়ালটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিব বিচাৰিছিল।

ভাষণত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদকগৰাকীয়ে কয় যে ডাঃ ধৰণীধৰ দাস সমন্বিতে তেওঁলোকৰ পৰিয়ালটো আছিল অসমক ভাল পোৱা লোকৰ চেতনা আৰু আৱেগৰ অংগ। ডাঃ ধৰণীধৰ দাসৰ আৱেগক জীয়াই ৰাখি সেই আৱেগেৰে কাম কৰিলেহে আমি বিচৰা লক্ষ্যত উপনীত হ’ব পাৰিম।

তেওঁ কয়, বিভিন্ন জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ বৰমা অঞ্চল হৈছে বৰ অসমৰ ক্ষুদ্ৰ সংস্কৰণ। বৰমাত ডাঃ ধৰণীধৰ দাসে সাহিত্য সৃষ্টি কৰি আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লৈ সমাজ সংগঠন কৰি সকলোৰে মাজত সমন্বয়ৰ প্ৰতীক হিচাপে কাম কৰিছিল।

বৰমা শাখা সাহিত্য সভাৰ সম্পাদক ভাৰত ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানত শিল্পী যোগেন হালৈ, শিক্ষক-কবি প্ৰাণেশ্বৰ দাস, সাংবাদিক দিলীপ কুমাৰ হালৈ, শিল্পী ৰুমী কছাৰীকে ধৰি কেইবাগৰাকী লোকে ডাঃ ধৰণীধৰ দাসৰ জীৱন পৰিক্ৰমাৰ বিষয়ে স্মৃতিকাতৰ হৈ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত সমবেত ৰাইজে আজিও সেই হত্যাৰ হত্যাকাৰী শাস্তি নোপোৱাত গভীৰ ক্ষোভ প্ৰকাশ কৰে।

Also Read: কোকৰাঝাৰত একেখন ট্ৰাকৰ খুন্দাত দুঠাইত ৭ জন নিহত...

গুপ্তহত্যা মিথিংগা দৈমাৰী বৰমা