চিকিৎসক দিপম কুমাৰ বৰ্মনৰ নলবাৰীৰ পৰা খুমটাইলৈ চাইকেল ৰেলী

কাজিৰঙাত উস্ম আদৰণি
চিকিৎসক দিপম কুমাৰ বৰ্মনৰ নলবাৰীৰ পৰা খুমটাইলৈ চাইকেল ৰেলী
চিকিৎসক দিপম কুমাৰ বৰ্মনৰ নলবাৰীৰ পৰা খুমটাইলৈ চাইকেল ৰেলী

ডিজিটেল সংবাদ,কাজিৰঙাঃ এগৰাকী চিকিৎসকৰ বিশেষ পদক্ষেপ। চাইকেল চলাই স্বাস্থ্য শিবিৰত অংশ ল'ব তেওঁ। নলবাৰীৰ পৰা খুমটাইলৈ চাইকেল ৰেলী চিকিৎসকগৰাকীৰ। তেওঁৰ নাম ডা০ দিপম কুমাৰ বৰ্মন।

ৰেলীৰ নেতৃত্বত চিকিৎসক দিপম কুমাৰ বৰ্মন। দেবোত্তম অসম নামেৰে সামাজিক মাধ্যমত চৰ্চিত চিকিৎসকজন তথা তেওঁৰ সতীৰ্থসকলে নলবাৰীৰ পৰা বুধবাৰে যাত্ৰা এই আৰম্ভ কৰিছিল। দলটো শনিবাৰে উপস্থিত হয় কাজিৰঙাৰ কহঁৰাত।

শ্বহীদ জিন্টু গগৈৰ বাসগৃহত দেওবাৰে তেওঁলোক উপস্থিত হ'ব বুলি জনায় জনপ্ৰিয় চিকিৎসকগৰাকীয়ে । ইপিনে তাত উপস্থিত হৈ স্বাস্থ্য শিবিৰত অংশ ল'ব বুলিও জনায় তেওঁ।

উল্লেখ্যে পূৰ্বে কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ চিকিৎসালয়ত কৰ্মৰত চিকিৎসকজনক উষ্ম আদৰণি জনায় হাতীখুলী চাহ বাগিচাৰ লোকসকলে। কহঁৰাতো চিকিৎসকজনক আদৰণি জনায় স্থানীয় ৰাইজে। স্মৰ্তব্য যে বৰ্তমান সময়ত সামাজিক মাধ্যমৰ প্ৰভাৱৰ কথা ব্যক্ত কৰি সকলোকে সামাজিক মাধ্যমৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই চিকিৎসকগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in