ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত নলবাৰীত শ্বহীদক স্মৰণ...

অসম মাতৃৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ সংগ্ৰামী সত্বাক স্মৰণ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰতিবছৰৰ দৰে এইবাৰো নলবাৰী জিলাৰ বেলশৰ

author-image
Asomiya Pratidin
New Update
ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত নলবাৰীত শ্বহীদক স্মৰণ...

nalbari

ডিজিটেল ডেস্ক : অসম মাতৃৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ সংগ্ৰামী সত্বাক স্মৰণ কৰি ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰতিবছৰৰ দৰে এইবাৰো নলবাৰী জিলাৰ বেলশৰ হাইস্কুল খেলপথাৰত কেন্দ্ৰীয়ভাৱে “শ্বহীদ দিৱস" আয়োজন কৰে। শনিবাৰৰ অনুষ্ঠানত শ্বহীদ সকলক সোঁৱৰণ কৰি তেখেত সকলৰ স্মৃতিত শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদ পৰিয়ালক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

Advertisment

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়া, অসম চৰকাৰৰ মন্ত্রীদ্বয় জয়ন্ত মল্ল বৰুৱা, চন্দ্রমোহন পাটোৱাৰী, ৰাজ্যিক যুৱ মৰ্চাৰ প্ৰভাৰী দিপ্লু ৰঞ্জন শৰ্মা, নলবাৰী জিলাৰ সভাপতি ড০ মৃগাংক তালুকদাৰৰ লগতে দলৰ কার্যকৰ্তা সকল উপস্থিত থাকে।

শ্বহীদ দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় - জাতিৰ অস্তিত্ব সংগ্ৰামৰ দিনটোত প্ৰথম গৰাকী শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ লগতে ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনত আত্ম বলিদান দিয়া বীৰ শ্বহীদ সকলৰ ত্যাগ আৰু বীৰত্বক স্মৰণ কৰিছো। স্বদেশ আৰু স্বজাতিৰ অস্তিত্ব ৰক্ষাৰ মহা সংগ্রামখনত যি সকল বীৰ শ্বহীদে বুকুৰ তেজেৰে ইতিহাস ৰচি আমাৰ মাজৰ পৰা গুচি গ'ল, তেখেত সকলৰ আত্ম ত্যাগ আমাৰ মাজত যুগে যুগে অমৰ হৈ ৰ'ব।

অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্বহীদ সকলৰ পূণ্যাত্মাক স্মৰণ কৰি বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‍ইকীয়াই কয় যে - অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে প্রতিবাদ কৰি আই অসমীক সুৰক্ষিত কৰাৰ হেতু নিজৰ প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ নকৰা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৪ গৰাকী অসমীয়াই দেশপ্ৰেম আৰু জাতিপ্ৰেমৰ অপূৰ্ব নিদর্শন দেখুৱাই থৈ গৈছে। প্রতিজন অসমীয়াই সেই মহান সকলৰ আদৰ্শৰে অনুপ্রাণিত হওঁক।

আনহাতে অসম চৰকাৰৰ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে - সমাজ তথা দেশৰ সুৰক্ষাৰ স্বাৰ্থত শ্বহীদৰ আত্মবলিদানে আমাৰ মনত সদায় দেশপ্ৰেমৰ অমৰত্বৰ কথা সোঁৱৰাই থাকে। এজন নলবৰীয়া হিচাপে নলবাৰীৰ ৰাইজে শ্বহীদৰ প্ৰতি এইদৰে সন্মান প্ৰদৰ্শন কৰা দেখা পাই গৌৰৱবোধ কৰিছোঁ।

আৰু পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত ভাষাৰ ওজাক স্মৰণ...

assam bjp nalbari