নলবাৰী সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাত ৰোজলিন আখতাৰ প্ৰথম শ্ৰেণীৰ প্ৰথম

নলবাৰী সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাত ৰোজলিন আখতাৰ প্ৰথম শ্ৰেণীৰ প্ৰথম

author-image
asomiyapratidin
New Update
নলবাৰী সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাত ৰোজলিন আখতাৰ প্ৰথম শ্ৰেণীৰ প্ৰথম

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰোজলিন আখতাৰে শিক্ষা বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিছে। ৭৭.৫৬ শতাংশ নম্বৰ লাভ কৰা কৃতী ছাত্ৰীগৰাকীয়ে ৮.৭৫ পইন্ট অৰ্জন কৰিছে।

নলবাৰী ইছলাম চুবুৰি (ৱাৰ্ড নং ৭)ৰ প্ৰয়াত ৱাজেদ আলী আৰু আমিনা খানমৰ কন্যা ৰোজলিনৰ সাফল্যত বিভিন্নজনে সন্তোষ প্ৰকাশ কৰিছে আৰু তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।