নলবাৰীত শোকাবহ পথ দুৰ্ঘটনা: থিতাতে নিহত পিতৃ-মাতৃ, কথমপি প্ৰাণ ৰক্ষা দেৱশিশুৰ

নলবাৰীৰ মুগকুছিত মাজনিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
নলবাৰীত শোকাবহ পথ দুৰ্ঘটনা: থিতাতে নিহত পিতৃ-মাতৃ, কথমপি প্ৰাণ ৰক্ষা দেৱশিশুৰ

ডিজিটেল ডেস্কঃ নলবাৰীৰ মুগকুছিত মাজনিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী আহি থকা অৱস্থাত AS-01 EZ 4055 বাহন দুৰ্ঘটনাগ্রস্ত হয়।

Advertisment

নিয়ন্ত্রণ হেৰুৱাই বাহন খনে এডাল গছত খুন্দা মৰাত থিতাতে নিহত দুই আৰোহী। বাহনখনত আছিল পতি-পত্নীসহ এটি দেৱশিশু। কথমপি প্রাণৰক্ষা পৰে দেৱশিশুটোৰ।

শিশুটোক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰা হয়। নিশা প্রায় ১ মান বজাত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাটো।

Also Read: পত্নীৰ সৈতে কিয় হ'ল বিচ্ছেদ, মুখ খুলিলে শিখৰ ধাৱনে...