পত্নীৰ সৈতে কিয় হ'ল বিচ্ছেদ, মুখ খুলিলে শিখৰ ধাৱনে...

ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱনে অৱশেষত তেওঁৰ সংসাৰৰ সন্দৰ্ভত মুখ খুলিলে।

author-image
Asomiya Pratidin
New Update
পত্নীৰ সৈতে কিয় হ'ল বিচ্ছেদ, মুখ খুলিলে শিখৰ ধাৱনে...

ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ শিখৰ ধাৱনে অৱশেষত তেওঁৰ সংসাৰৰ সন্দৰ্ভত মুখ খুলিলে। ধাৱন আৰু তেওঁৰ পত্নী আইছা মুখাৰ্জীক লৈ বহু খবৰ বিয়পি পৰিছিল। এটা সাক্ষাৎকাৰত শিখৰ ধাৱনে এই বিষয়টোক লৈ খোলা খুলিকৈ কথা পাতে।

Advertisment

তেওঁ কয় যে, পত্নীৰ সৈতে তেওঁ এতিয়া যথেষ্ঠ দূৰত্ব বৰ্তাই ৰাখে আৰু দুয়োৰে বিচ্ছেদৰ আইনী কাম-কাজ চলি আছে। স্পোৰ্টছ টকক দিয়া এই সাক্ষাৎকাৰত ধাৱণে স্বীকাৰ কৰি লয় সংসাৰ কৰাত তেওঁ বিফল হৈছে। ইয়াৰ বাবে তেওঁ কাকোৱেই দোষী সাৱ্যস্ত কৰিব নোৱাৰে।

বিয়া পাতি মই বিফল হলো। চূড়ান্ত সিদ্ধান্তহে ল'ব লগা হ'ল। আনৰ প্ৰতি মই কেতিয়াও আঙুলি টোৱাব যোৱা নাই। মই এইখন খেলপথাৰত একেবাৰে অভিজ্ঞ নাছিলো।এতিয়া মই অভিজ্ঞ হৈছো। যদি মই আকৌ বিয়া পাতিব লগা হয় তেনেহ'লে এইবাৰতকৈ বেছি জ্ঞানীৰ দৰে সিদ্ধান্ত ল'ম।

মই এতিয়া বুজি উঠিছো মোক কেনেধৰণৰ ছোৱালীৰ প্ৰয়োজন যাৰ সৈতে মই জীৱনটো কটাব বিচাৰো। মোৰ কাৰো সৈতে সম্পৰ্ক নাই। যদি মই প্ৰেমত পৰো তেন্তে মই কাৰো ৰঙা পতাকা চাব নোখোজো।সেয়ে মই সেই ঠাইৰ পৰা আঁতৰি আহিছো।

এই সাক্ষাৎকাৰটোত তাৰকা ক্ৰিকেটাৰ গৰাকী তেওঁৰ অভিজ্ঞতাৰ আধাৰত কয়, বুজা বুজিয়েহে এটা সম্পৰ্কক ধৰি ৰাখে। কেতিয়াও আবেগিক সিদ্ধান্ত ল'ব নালাগে। এইদৰে নিজৰ সংসাৰৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়ত তেওঁ ক্ৰিকেটত অধিক মনোনিবেশ কৰিব বুলি কয়।

Also Read: অগ্নি সুৰক্ষাৰ প্ৰতি লক্ষ্য নকৰাকৈয়ে চিকিৎসালয়ৰ ভিতৰত সম্পন্ন কৰা হ'ল যজ্ঞ !