বিৰোধী শূণ্য! নলবাৰী পৌৰসভা বিজেপিৰ দখলত…  

বিৰোধী শূণ্য! নলবাৰী পৌৰসভা বিজেপিৰ দখলত…  

author-image
asomiyapratidin
New Update
গুৱাহাটী পৌৰ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা…

ডিজিটেল সংবাদ,নলবাৰী: বিজেপিৰ দখললৈ নলবাৰী পৌৰসভা। মুঠ ১৭ টা ৱাৰ্ডৰ ১৫টাত বিজেপিৰ জয় আৰু ২টা ৱাৰ্ড লাভ কৰে অগপই।

Advertisment

১ নং ৱাৰ্ডত প্ৰণীতা বৰ্মন, ২ নং ৱাৰ্ডত সীমান্ত বৰ্মন, ৩ নং ৱাৰ্ডত অৰুণিমা চক্ৰৱৰ্তী, ৪ নং ৱাৰ্ডত নগেন দত্ত, ৫ নং  নং ৱাৰ্ডত মৰমী ৰাজবংশী, ৬  নং ৱাৰ্ডত জয়শ্ৰী বৰ্মন পাঠক, ৭ নং ৱাৰ্ডত নিকি দেৱী জালান, ৯  নং ৱাৰ্ডত চৰিত্ৰ দাস, ১০ নং ৱাৰ্ডত ধীৰেন মালাকৰ, ১২  নং ৱাৰ্ডত হিমানী ডেকা, ১৩ নং ৱাৰ্ডত পৰাগ দত্ত বৰুৱা, ১৪ নং ৱাৰ্ডত অলকা বৰ্মন, ১৫ নং ৱাৰ্ডত ৰূপন জ্যোতি শৰ্মা, ১৬ নং ৱাৰ্ডত কৰিশ্মা অধিকাৰী আৰু ১৭ নং ৱাৰ্ডত জয়ন্ত বুজৰ বৰুৱা।

 আনহাতে, অগপৰ বীজয়ী প্ৰাৰ্থী দুজন হৈছে- ৮ নং ৱাৰ্ডত ইমৰান হুছেইন আৰু ১১ নং ৱাৰ্ডত ড° ৰবীন দাস। 

উল্লেখযোগ্য যে, ১৭ টা ৱাৰ্ড বিশিষ্ট নলবাৰী পৌৰসভা নিৰ্বাচনত এইবাৰ বিজেপি-অগপ মিত্ৰজোঁটৰ চাৰিগৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ পিছত মুঠ ১৩ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হৈছিল।ইতিমধ্যে নিৰ্বাচিত প্ৰাৰ্থী কেইগৰাকী হৈছে  ৭ নম্বৰ ৱাৰ্ডত নিকি দেৱী জালান,১৪ নম্বৰ ৱাৰ্ডত অলকা বৰ্মন,১৫ নম্বৰ ৱাৰ্ডত ৰূপন জ্যোতি শৰ্মা আৰু ১৬ নম্বৰ ৱাৰ্ডত কৰিশ্মা অধিকাৰী

assam agp bjp nalbari