/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/nalbari-3-leader.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ সামগ্ৰিক ভোটগণনাৰ অন্তত দেখা গৈছে জিলাখনৰ নলবাৰী আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিত বিজেপিৰ জয়যাত্ৰা অব্যাহত থকাৰ বিপৰীতে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক নাৰায়ণ ডেকাৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে। বৃহস্পতিবাৰে নলবাৰী গৰ্ডন স্কুলত তিনিটা লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ বাবে ভোটগণনা কৰা হয়। নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই লাভ কৰে ৮২,২৮৭ টা ভোট। বিজেপিৰ কুইন ওজাই লাভ কৰে ৬৪,৯৪৫ টা ভোট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/875b9387-5508-4030-b987-a71c0350ccf6-1.jpg)
নলবাৰী বিধানসভা সমষ্টিত মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই লাভ কৰে ১,০৫৬২৩ টা ভোট। কংগ্ৰেছৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই লাভ কৰে ৫৪,৯৯৪টা ভোট। বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ধৰ্মপুৰ বিধানসভা সমষ্টিত ৬২,৩৩৮ টা ভোট লাভ কৰে। কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে লাভ কৰে ৪০,১৬৮ টা ভোট। তাৎপৰ্যপূৰ্ণভাবে নলবাৰী সমষ্টিত ন'টাত পৰা ভোটৰ সংখ্যা ১,৯৫২,ধৰ্মপুৰত ১,০৮১টা ভোট ন'টাত পৰিছে আৰু বৰক্ষেত্ৰীত ন'টাত দিয়া ভোটৰ সংখ্যা ৮১০।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/cd0d9825-2e0c-43d2-95e4-37395ff60f04-1.jpg)
নলবাৰীৰ বিজেপি বিধায়ক অশোক শৰ্মাই ২০১৬ চনত এক লাখৰ সামান্য কম ভোট পাই জয়ী হৈছিল। আজি ভোটগণনাত প্ৰমাণ হ'ল নলবাৰীত বিজেপিৰ ভোট বৃদ্ধিহে হৈছে। সেইদৰে ধৰ্মপুৰতো বিজেপি -অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে যথেষ্টসংখ্যক ভোট লাভ কৰি চন্দ্ৰমোহন পাটোৱাৰীৰ ভেটি সবল হৈ থকাটোৱেই প্ৰতীয়মান কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/e165b733-d405-4817-8031-bcb67a59e497.jpg)
ইয়াৰ বিপৰীতে বৰক্ষেত্ৰী বিধানসভা সমষ্টি বিজেপি বিধায়ক নাৰায়ণ ডেকাৰ দখলত থকাৰ পিচতো গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীতকৈ ১৭,৩৪২ টা ভোট কম পোৱা ঘটনাই বিধায়ক নাৰায়ণ ডেকাৰ প্ৰতি অশনি সংকেত কঢ়িয়াই অনা বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে মন্তব্য কৰিছে। উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে নলবাৰীতো বিজেপিৰ উত্থানত উল্লসিত হৈ পৰা বিজেপিৰ কৰ্মকৰ্তাসকলে গালে মুখে আবিৰ সানি নাচি বাগি, ফটকা ফুটাই নলবাৰী চহৰত সমদল উলিয়াই আনন্দ প্ৰকাশ কৰে।