নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, সম্পাদক নিযুক্তি...

নলবাৰী জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্য পৰিচালনাৰ বাবে সভাপতি, সম্পাদক নিৰ্বাচিত কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, সম্পাদক নিযুক্তি...

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্য পৰিচালনাৰ বাবে সভাপতি, সম্পাদক নিৰ্বাচিত কৰা হৈছে। সভাপতি হিচাপে বিশিষ্ট লেখিকা তথা অৱসৰী অধ্যাপিকা ডক্টৰ লীনা ডেকা আৰু সম্পাদক হিচাপে পুনৰবাৰ দায়িত্ব অৰ্পণ কৰা হৈছে একাগ্ৰ শিক্ষাব্ৰতী তথা সাংবাদিক পংকজ বেজবৰুৱাক ।

Advertisment

উল্লেখ্য যে নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক নিৰ্বাচনৰ বিধি অনুসৰি ১৪ আৰু ১৫ মাৰ্চত মনোনয়ন পত্ৰ সংগ্ৰহ কৰি বৃহস্পতিবাৰে মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন আছিল । সেই অনুসৰি সভাপতি আৰু সম্পাদক পদৰ বাবে একাধিক সাহিত্যানুৰাগীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল যদিও সভাপতি পদত ডক্টৰ লীনা ডেকা আৰু সম্পাদক পদত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা পংকজ বেজবৰুৱাই মনোনয়ন পত্ৰ আজি দাখিল কৰে ।

ইয়াৰ লগে লগে সভাপতি আৰু সম্পাদক পদত দুয়োগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচন হোৱা বুলি ঘোষণা কৰা হয় । উল্লেখ্য যে ডক্টৰ লীনা ডেকা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি হিচাপে পৰিগণিত হ’ল । আকৌ পংকজ বেজবৰুৱাও দ্বিতীয়টো কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ল । অৱশ্যে উপ সভাপতি পদত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক লক্ষী পাটোৱাৰী আৰু প্ৰাক্তন কোষাধ্যক্ষ খনীন্দ্ৰ চন্দ্ৰ নাথে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

বিধি অনুসৰি কোনো প্ৰাৰ্থীয়ে কাইলৈ আবেলি ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব । নলবাৰী জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি তথা নিৰ্বাচন সমিতিৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মুখ্য নিৰ্বাচনী বিষয়া ডাঃ বিপিন চন্দ্ৰ কলিতা, আকৌ নিৰ্বাচনী বিষয়া অধিবক্তাদ্বয় ক্ৰমে দিপুল তালুকদাৰ আৰু কুটুবউদ্দিন আহমেদে কাইলৈ এই নিৰ্বাচন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বুলি জনা গৈছে ।

Also Read: ''নাদিহেই পাব লাগিছিল বঁটা, গানৰ নামটোহে ভুল হৈছিল'' স্পষ্টীকৰণ সাংস্কৃতিক পৰিক্রমা বিভাগৰ