নলবাৰীৰ তিনি সমষ্টিত ভোটগণনা সমাপ্ত

নলবাৰীৰ তিনি সমষ্টিত ভোটগণনা সমাপ্ত

author-image
asomiyapratidin
New Update
নলবাৰীৰ তিনি সমষ্টিত ভোটগণনা সমাপ্ত

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী গৰ্ডন স্কুলত তিনিটা লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ বাবে চলা ভোটগণনা সমাপ্ত হৈছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মাই লাভ কৰিছে ৮২,২৮৭টা ভোট। বিজেপিৰ কুইন ওজাই লাভ কৰিছে ৬৪,৯৪৫ টা ভোট।

Advertisment

নলবাৰী বিধানসভা সমষ্টিত মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই লাভ কৰিছে ১,০৫৬২৩ টা ভোট। কংগ্ৰেছৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই লাভ কৰিছে ৫৪,৯৯৪টা ভোট।

বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ধৰ্মপুৰ বিধানসভা সমষ্টিত ৬২,৩৩৮ টা ভোট লাভ কৰিছে। কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে লাভ কৰিছে ৪০,১৬৮ টা ভোট। সমগ্ৰ দেশৰ লগতে নলবাৰীতো বিজেপিৰ উত্থানত উল্লসিত হৈ পৰা বিজেপিৰ কৰ্মকৰ্তাসকলে গালে মুখে আবিৰ সানি নাচি বাগি নলবাৰী চহৰত সমদল উলিয়াই আনন্দ প্ৰকাশ কৰে।