নলবাৰীত ১৪৪ ধাৰা জাৰি, চৰকাৰী গৰ্ডন স্কুলত ৪০ খন টেবুলত হ’ব ভোটগণনা

নলবাৰীত ১৪৪ ধাৰা জাৰি, চৰকাৰী গৰ্ডন স্কুলত ৪০ খন টেবুলত হ’ব ভোটগণনা

author-image
asomiyapratidin
New Update
নলবাৰীত ১৪৪ ধাৰা জাৰি, চৰকাৰী গৰ্ডন স্কুলত ৪০ খন টেবুলত হ’ব ভোটগণনা

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ভোটগণনা কৰা হ'ব। ইয়াৰ বাবে সকলো আয়োজন সম্পূৰ্ণ কৰি তোলা হৈছে। লোকসভা নিৰ্বাচন, ২০১৯ৰ ভোটগণনা কেন্দ্ৰৰ আশে-পাশে শান্তি -শৃংখলা ভংগ হোৱাৰ আশংকা কৰি নলবাৰী জিলাৰ জিলা দণ্ডাধীশ ভাৰতভূষণ দেৱ চৌধুৰীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

সেই অনুসৰি ভোট গণনা কেন্দ্ৰ গৰ্ডন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০০ (এশ) মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো লোকে বিজয় সমদল উলিয়াব নোৱাৰিব, ফটকা ফুটাব নোৱাৰিব, অকৰ্তৃত্বশীলভাবে চাৰিচকীয়া আৰু দুচকীয়া বাহন ৰাখি থব নোৱাৰিব, অস্থায়ী ব্যৱসায়িক ষ্টল স্থাপন কৰিব নোৱাৰিব আৰু ৫(পাঁচ)জন বা ততোধিক ব্যক্তি গোট খাব নোৱাৰিব। এই নিষেধাজ্ঞা অহা ২৫ মে' পৰ্যন্ত বাহাল থাকিব।

উল্লেখ্য যে, নলবাৰী জিলাত মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টি, গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ধৰ্মপুৰ বিধানসভা সমষ্টিৰ ভোটগনা কৰা হ'ব। ইপিনে বুধবাৰে বিয়লি গৰ্ডন স্কুলৰ ভোটগণনা কেন্দ্ৰত আয়োজিত এখন সংবাদমেলত জিলাৰ ৰিটাৰ্ণিং বিষয়া ভাৰতভূষণ দেৱচৌধুৰীয়ে প্ৰকাশ কৰা মতে নলবাৰী বিধানসভা সমষ্টি আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বাবে এটাকৈ কাউন্টিং হল আৰু ১৪ খনকৈ টেবুল থাকিব আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাবে দুটা কাউন্টিং হল আৰু ১২খন টেবুল থাকিব।

সেইদৰে নলবাৰী বিধানসভা সমষ্টিৰ বাবে ১৯টা ৰাউণ্ড, বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বাবে ১৮ টা ৰাউণ্ড আৰু ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাবে ১৬ টা ৰাউণ্ডত ভোট গনণা হ'ব। প্ৰতিখন টেবুলতে নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ এজেন্ট থাকিব।ভোট গনণা পৰ্যবেক্ষকে প্ৰতিটো ৰাউণ্ডত দুটাকৈ ইভিএম পৰীক্ষা কৰিব। উল্লেখনীয় যে, কাউন্টিং হললৈ কোনো লোকে ম'বাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব।

পংকজ ললিত নামৰ কাউন্টিং অবজাৰভাৰগৰাকী ইতিমধ্যে নলবাৰীত আহি উপস্থিত হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। কেন্দ্ৰত মুঠ দুশ গণনাকাৰী বিষয়া থাকিব। বৃহস্পতিবাৰে পুৱা যাবতীয় প্ৰস্তুতিখিনি সমাপন কৰাৰ পিচত আঠ বজাৰ পৰা গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যাব বুলি সংবাদ মেলত জানিবলৈ দিয়ে।

দুপৰীয়া ডেৰমান বজাত ইভিএমৰ ভোটগণনা কাৰ্য সম্পূৰ্ণ হ'ব যদিও ভিভিপেটৰ গণনাৰ বাবে ফলাফললৈ কিছু ৰ'ব লাগিব বুলিও জিলাৰ উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে জনায়। উল্লেখ্য যে, সংবাদমেলৰ শেষত ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে সাংবাদিকসকলক গৰ্ডন স্কুলৰ ভিতৰত ভোটগণনাৰ বাবে সাজু কৰি তোলা কোঠাবোৰ দেখুৱায়।