কৃত্ৰিম বানপানী ৰোধৰ ব্যৱস্থা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ গনিত-বিজ্ঞান মেলালৈ নিৰ্বাচিত নলবাৰীৰ কিশোৰ

নলবাৰীৰ এটি কিশোৰে সুনাম কঢ়িয়াই আনিছে জিলা খনলৈ। বিজ্ঞান আৰ্হি প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় গনিত-বিজ্ঞান মেলালৈ নিৰ্বাচিত হৈছে কিশোৰ গৰাকী।

author-image
Asomiya Pratidin
New Update
কৃত্ৰিম বানপানী ৰোধৰ ব্যৱস্থা! ৰাষ্ট্ৰীয় পৰ্যায়ৰ গনিত-বিজ্ঞান মেলালৈ নিৰ্বাচিত নলবাৰীৰ কিশোৰ

nalbari boy

ডিজিটেল সংবাদ,নলবাৰী: নলবাৰীৰ এটি কিশোৰে সুনাম কঢ়িয়াই আনিছে জিলা খনলৈ। বিজ্ঞান আৰ্হি প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় গনিত-বিজ্ঞান মেলালৈ নিৰ্বাচিত হৈছে কিশোৰ গৰাকী। সেইদৰে সংস্কৃতি প্ৰশ্ন মঞ্চ আৰু আকস্মিক ভাষণত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে আন চাৰিটা কিশোৰ কিশোৰী।

Advertisment

শিশু শিক্ষা সমিতি,অসমৰ উদ্যোগত ১২,১৩ আৰু১৪ ছেপ্টেম্বৰত গুৱাহাটীৰ বিষ্ণু পথত থকা শংকৰদেৱ বিদ্যা নিকেতনত অনুষ্ঠিত হোৱা প্ৰান্তীয় গনিত-বিজ্ঞান মেলাত অংশগ্ৰহণ কৰি কৃতিত্ব দেখুৱাইছে নলবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ধীমান শৰ্মাই।

বুধবাৰে ঘোষিত ফলাফলত তেওঁ বিজ্ঞান আৰ্হি প্ৰদৰ্শনত প্ৰথম স্থান লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে ছাত্ৰজনে 'স্পঞ্জ চিটি' বিষয়ক বিজ্ঞানৰ আৰ্হি প্ৰস্তুত কৰিছিল। স্পঞ্জ চিটি হৈছে এনে এক ব্যৱস্থা য'ত চহৰত বৰষুণৰ পানী শুকুৱাই কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা যায়।

অহা ২ নৱেম্বৰত মধ্য প্ৰদেশৰ ভূপালত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় গনিত-বিজ্ঞান মেলাত অংশগ্ৰহণ কৰিব ধীমান শৰ্মাই। উল্লেখনীয় যে কৃতী ছাত্ৰজন নলবাৰী বৰকুৰা নিবাসী প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু অনিতা দেৱীৰ পুত্ৰ।

সেইদৰে সংস্কৃতি প্ৰশ্ন মঞ্চ আৰু আকস্মিক ভাষণ শিতানত নলবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী তৃতিক্ষা কাশ্যপ,হিয়া ভাৰ্গৱ,অৰ্পন ডাউকা আৰু কৃতিৰূপা শৰ্মাই কিশোৰ শাখাত কৃতিত্ব দেখুৱাবলৈ সক্ষম হৈছে।

তেওঁলোকেও অহা ৮ আৰু ৯ নৱেম্বৰত এলাহাবাদ প্ৰয়াগৰাজত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই ছাত্ৰ ছাত্ৰীসকলৰ গাইড হিচাপে গৈছিল নলবাৰী শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্য ক্ৰমে গীতেশ দত্ত, কালীচৰণ বৈশ্য আৰু সঞ্জীৱ চক্ৰৱৰ্তী।

boy assam nalbari