/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nalbarii.jpg)
প্ৰতিদিন সেৱা, বাঁহজানী : নলবাৰী জিলাৰ উলাবড়ী হিতসাধিনী পুথিভঁৰালৰ সৌজন্যত শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে পাগলদিয়া নদীত ৭৯ সংখ্যক নাওখেল প্ৰতিযোগিতা শুকুৰবাৰে আবেলি অনুষ্ঠিত হয়। উলাবড়ী পাৰঘাটত অনুষ্ঠিত নাওখেল প্ৰতিযোগিতা উদ্বোধন কৰি নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে কয় যে ক্ৰীড়াৰ জড়িয়তে সমাজত একতা আৰু শান্তি প্ৰতিষ্ঠা হয়। ক্ৰীড়াক সকলোৱে অগ্ৰাধিকাৰ দিৱ লাগে।
আমাৰ মাজত বহু প্ৰতিভাৱান খেলুৱৈ আছে। সেই সকল খেলুৱৈক উলিয়াই অনাৰ সকলোৰে দায়িত্ব আছে। খেলত অনুশীলন লাগিৱ, অনুশীলনৰ দ্বাৰাহে ভাল খেলুৱৈৰ সৃষ্টি হয়। খেলৰ জড়িয়তে নিজৰ স্বাস্থ্য ভালে ৰাখিৱ পাৰি। গতিকে ছাত্ৰ-ছাত্ৰী সকলেও অধ্যয়নৰ লগতে খেলৰ প্ৰতিও কিছু আগ্ৰহী হ'ব লাগে বুলিও তেওঁ কয়। তামুলীয়ে উলাবড়ীৰ নাওখেল প্ৰতিযোগিতাখনিয়ে অঞ্চলটোলৈ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনাৰ লগতে বিগত ৭৯ বছৰে উলাবড়ীৰ ৰাইজে খেলখন চলাই থকা কাৰ্যৰ শলাগ লয়।
অনুষ্ঠানত গুৱাহাটী প্ৰাগজ্যোতিষ কলেজৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ মহন্ত, খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তী, সাপ্তাহিক লুইতজ্যোতি কাকতৰ সম্পাদক অৰূপ কুমাৰ শৰ্মা, সমাজকৰ্মী অমূল্য কাকতি, দিপুল বৈশ্য, শ্ৰীকান্ত কাকতি, কমল মেধি, প্ৰানজিৎ কলিতাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অঞ্চলটোৰ দহটা দলে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ মুকালমুৱাৰ 'মিচ মৌচুমী' আৰু দ্বিতীয় পুৰস্কাৰ বৰ্নিৰ 'ৰাইজৰ আশীৰ্বাদ' দলে লাভ কৰিবলৈ সক্ষম হয়।
ইফালে প্ৰতিযোগিতা উপলক্ষে শুকুৰবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন, বন্তি প্ৰজ্জ্বলন আৰু নাওৰ মালিকৰ সৈতে মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত হয়। উল্লেখ্য যে খেলৰ বটাঁ বিতৰনী অনুষ্ঠানত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ অঞ্চলটোৰ কৃতী শিক্ষাৰ্থী সকলক হিতসাধিনী পুথিভঁৰাল আৰু নাওখেল পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।
আৰু পঢ়ক : বিতৰ্কত ডলো-৬৫০, পেছক্ৰিপছনত দৰৱ লিখাৰ বাবদ ১ হাজাৰ কোটি টকাৰ উপহাৰ…