নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সামৰণি, শ্ৰেষ্ঠ নাট্যদল দীনবন্ধু নাট্যগোষ্ঠী, শ্ৰেষ্ঠ অভিনেতা মনমিত ৰাগ কাশ্যপ

নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সামৰণি, শ্ৰেষ্ঠ নাট্যদল দীনবন্ধু নাট্যগোষ্ঠী, শ্ৰেষ্ঠ অভিনেতা মনমিত ৰাগ কাশ্যপ

author-image
asomiyapratidin
New Update
নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সামৰণি, শ্ৰেষ্ঠ নাট্যদল দীনবন্ধু নাট্যগোষ্ঠী, শ্ৰেষ্ঠ অভিনেতা মনমিত ৰাগ কাশ্যপ

ডিজিটেল সংবাদ, নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী নাট্য মন্দিৰত তিনিদিনীয়কৈ অনুষ্ঠিত একাদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ বুধবাৰে নিশা সামৰণি পৰে। প্ৰতিযোগিতাৰ ঘোষিত ফলাফল অনুসৰি শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰিছে- নলবাৰীৰ দীনবন্ধু নাট্যগোষ্ঠীয়ে (নাট-চিকমিক আকাশৰ তৰা), দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল- নাট্য প্ৰশিক্ষণ কেন্দ্ৰ, বিশ্বনাথ চাৰিআলি(নাট-বসন্ত হেৰাই গ'ল), তৃতীয় শ্ৰেষ্ঠ নাট্যদল-অনুভৱ, বনগাওঁ (নাট- এইছ টু অ') শ্ৰেষ্ঠ শৃংখলাবদ্ধ নাট্যদল- নবাৰুণ নাট্য দল, নাহৰকটীয়া।

দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা- চিন্ময় হাজৰিকা।

শ্ৰেষ্ঠ অভিনেতা- মনমিত ৰাগ কাশ্যপ (নাট-বসন্ত হেৰাই গ'ল, নাট্য প্ৰশিক্ষণ কেন্দ্ৰ, বিশ্বনাথ চাৰিআলি),
দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা- চিন্ময় হাজৰিকা (নাট- ধেৎ তেৰি কি কৰোঁ এতিয়া, মূৰ্চনা, বিশ্বনাথ চাৰিআলি), শ্ৰেষ্ঠ অভিনেত্ৰী- দলিচা দাস (নাট-দূৰদৰ্শনত আমাৰ ছবি, অনাথ বিকাশ কেন্দ্ৰ, নলবাৰী), দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী- প্ৰিয়াশ্ৰী হাজৰিকা (নাট-ধেৎতেৰি কি কৰোঁ এতিয়া, মূৰ্চনা-বিশ্বনাথ চাৰিআলি), শ্ৰেষ্ঠ কৌতুক অভিনেতা- নীলোৎপল মেধি (নাট-পৰীক্ষা, সাৰথি নাট্যদল, টিহু), শ্ৰেষ্ঠ নাট্যকাৰ-বীৰেন্দ্ৰ ঠাকুৰ (নাট-সুখী চৰাই, ১৩৫ নং ককয়া নিম্ন বুনিয়াদী বিদ্যালয়), শ্ৰেষ্ঠ পৰিচালক- জুৰি দেৱী (নাট- চিকমিক আকাশৰ তৰা, দীনবন্ধু নাট্যগোষ্ঠী, নলবাৰী)।

দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী-প্ৰিয়াশ্ৰী হাজৰিকা

শ্ৰেষ্ঠ কলা নিৰ্দেশক- ৰিতুমনি ডেকা আৰু পুলকেশ বড়ো (নাট- অতুল পুতুল তুলনা, জেংৰাই অসম), শ্ৰেষ্ঠ ৰূপসজ্জা- পপীমা বৰুৱা (নাট-ঔতলৰ চেলফি, নাট্যম-দ্যা চাইল্ড থিয়েটাৰ, নগাঁও), শ্ৰেষ্ঠ সংগীত পৰিচালক- নিবেদিতা বৰুৱা আৰু নীলামনি বৰুৱা (নাট-অতুল পুতুল তুলনা, জেংৰাই অসম),
শ্ৰেষ্ঠ পোহৰ নিৰ্দেশক- ৰাকেশ ডেকা আৰু অৱনী ডেকা, জেংৰাই অসম)। বিচাৰকৰ বিশেষ বঁটা- মাধুৰ্য পৰশ কলিতা (নাট-অ' ফুল অ' ফুল, অসম নাট্য সন্মিলন, টিহু শাখা), ধৃতিস্মিতা নাথ (নাট-সুখী চৰাই, ১৩৫ নং ককয়া নিম্ন বুনিয়াদী বিদ্যালয়, নলবাৰী)।

শ্ৰেষ্ঠ অভিনেতা- মনমিত ৰাগ কাশ্যপ।

নিশা প্ৰতিযোগিতাৰ শেষত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ সাধাৰণ সম্পাদক নিৰোদ দাসে আঁতধৰা আৰু যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰাম কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানটোত উপস্থিত থাকে পৰিষদৰ প্ৰাক্তন সহকাৰী সম্পাদক দিগন্ত মিশ্ৰ, শিশু নাট প্ৰতিযোগিতাখনৰ প্ৰাক্তন সভাপতি ধ্ৰুৱ বৰ্মন, শিল্পী-সাহিত্যিক কল্যাণ ন্যাসৰ সভাপতি জয়ন্ত হাজৰিকা, বৰলা কাই ধাৰাবাহিকৰ অভিনেতাদ্বয় প্ৰাণজিৎ লোচন শৰ্মা আৰু বিজু আহমেদ।

প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত বহা বিশিষ্ট নাট্যকাৰ, পৰিচালক ক্ৰমে বিপুল চলিহা, মৃনাল বৰা আৰু হিল্লোল কুমাৰ পাঠককো নাট পৰিচালনা সমিতিয়ে বঁটা বিতৰণী অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে।