বিশিষ্ট চিকিৎসক ডাঃ চন্দন মোদকলৈ “ব্ৰক্ষ্মপুত্ৰ জনদৰদী বঁ‌টা”…

বিশিষ্ট চিকিৎসক ডাঃ চন্দন মোদকলৈ “ব্ৰক্ষ্মপুত্ৰ জনদৰদী বঁ‌টা”…

author-image
asomiyapratidin
New Update
বিশিষ্ট চিকিৎসক ডাঃ চন্দন মোদকলৈ “ব্ৰক্ষ্মপুত্ৰ জনদৰদী বঁ‌টা”…

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ সাহিত্য-সংস্কৃতি আৰু সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান চিফুং দ্যা আৰ্টিছ, পূব নলবাৰী যুৱ সমাজ, টীম পাগ্লাদিয়া, সেউজী-সেউজী, সুগন্ধি পখিলা আৰু সন্ধানৰ উদ্যোগত যোৱা ২৩ আগষ্টত এক ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাক সম্বৰ্দ্ধনা জনোৱাৰ লগতে মানৱ দৰদী বিশিষ্ট চিকিৎসক ডাঃ চন্দন মোদকক "ব্ৰক্ষ্মপুত্ৰ জনদৰদী বঁটা" প্ৰদান কৰা হয় ।।

Advertisment

এই উপলক্ষে নলবাৰী নাট্য মন্দিৰত বিয়লি ৪.৩০ বজাত অনুষ্ঠিত এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ জনদৰদী বটা প্ৰাপক ডাঃ চন্দন মোদকে 'দি হাৰ্ট' নামৰ হৃদৰোগ ৰোগীৰ সেৱাৰ এটা অনুষ্ঠানৰ জন্ম দি দুখীয়া, দৰিদ্ৰ জনসাধাৰণক সেৱা কৰি আহিছে। লগতে মোদকে বিভিন্ন সময়ত বানপীড়িত সকলৰ বাবে ঠায়ে ঠায়ে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ লগতে দুখীয়া ৰোগীক বিনামূল্যে ঔষধ যোগান ধৰি আহিছে।

গুৱাহাটী দিছপুৰ হাস্পতালৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ মোদকে চিকিৎসাক কেবল বৃত্তি হিচাপে গ্ৰহণ নকৰি সেৱাৰ মনোভাবেৰে গ্ৰহণ কৰি দুখীয়া জনসাধাৰণক চিকিৎসা সাহায্য প্ৰদান কৰি আহিছে। এই মহানুভৱতাৰ বাবে পাঁচজনীয়া এটা নিৰ্বাচক সমিতিয়ে ডাঃ চন্দন মোদকক "ব্ৰক্ষ্মপুত্ৰ জনদৰদী বঁটা"ৰ বাবে নিৰ্বাচিত কৰে।

বটা প্ৰাপক ডাঃ মোদকক 'সন্ধান' নামৰ সংগঠন টোৱেও সম্বৰ্দ্ধনা জনায়। উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় শিল্পী দীপক শৰ্মাইও ডাঃ চন্দন মোদকক এই বঁটা প্ৰাপ্তিৰ বাবে অভিনন্দন জনায়। বটা গ্ৰহণ কৰি ডাঃ মোদকে কয় যে এই সন্মানে ভৱিষ্যতে তেওঁক নতুন নতুন কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব।

উল্লেখযোগ্য যে প্ৰতি বছৰে একোগৰাকী ব্যক্তিক "ব্ৰহ্মপুত্ৰ জনদৰদী বঁটা" প্ৰদান কৰা হ'ব বুলি উদ্যোক্তা প্ৰণৱ কুমাৰ বৰ্মন আৰু ডঃ সুশান্ত কুমাৰ কাশ্যপে জানিবলৈ দিয়ে। শেষত অনুষ্ঠানত উপস্থিত থকা সকলো ৰাইজক পূব নলবাৰী যুৱ সমাজ, চিফুং দ্যা আৰ্টিছ ,সেউজী-সেউজী , টীম পাগ্লাদিয়া , সন্ধান আৰু উদযাপন সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায় ।

assam himanta biswa sarma