১,৯৯,৪১৩ গৰাকী ভোটাৰে নলবাৰীত সাব্যস্ত কৰিব ভোটাধিকাৰ, ১ বজাৰলৈকে ভোটদানৰ হাৰ

১,৯৯,৪১৩ গৰাকী ভোটাৰে নলবাৰীত সাব্যস্ত কৰিব ভোটাধিকাৰ, ১ বজাৰলৈকে ভোটদানৰ হাৰ

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, পুৱাৰে পৰা ৰাজ্যৰ বহু ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

ডিজিটেল সংবাদ, নলবাৰীঃ মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিত বৃহস্পতিবাৰে পুৱাৰে পৰা ২৫৯ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত জিলাখনৰ নলবাৰী বিধানসভা সমষ্টিৰ ১,৯৯,৪১৩ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিছে। ইয়াকে লৈ ভোটাৰ ৰাইজৰ মাজত কিছু উৎসাহ পৰিলক্ষিত হৈছে যদিও অইনবাৰৰ তুলনাত এইবৰ্ষত ভোটদাতা ৰাইজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হোৱা নাই।

তথাপিও ভোটদাতা ৰাইজে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰত শাৰী পাতি থিয় হোৱা পৰিলক্ষিত হৈছে। ইফালে বৃহস্পতিবাৰে পুৱাৰ ভাগতে মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াই ভোটপ্ৰদান কৰে। প্ৰাৰ্থীগৰাকীয়ে গৃহসমষ্টি নলবাৰীৰ অন্তৰ্গত ২০৯ নং পূৰ্ণ কামদেৱ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে।

ইফালে দিনৰ ১ বজালৈ নলবাৰী সমষ্টিত ৫০ শতাংশৰো অধিক ভোটদান হোৱা বুলি জিলা নিৰ্বাচনী বিষয়া ভাৰত ভূষন দেৱ চৌধুৰীয়ে জানিবলৈ দিছে। বাতৰি লিখা পৰলৈকে নলবাৰীত ভোটগ্ৰহণত বিসংগতি অথবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই বুলি জানিব পৰা গৈছে।