নলবাৰীত 'অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১'ৰ সাহায্য বিতৰণ...

জিলাখনৰ দ্বিতীয় শ্ৰেণীৰ ২,৬০১ গৰাকী হিতাধিকাৰী আইমাতৃক সাহায্য বিতৰণ কৰা হয়
nalbari ajanta
nalbari ajanta

ডিজিটেল সংবাদ, গুৱাহাটী : মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠান বা ঋণ প্ৰদানকাৰী সংস্থা সমূহৰ ঋণৰ বোজাৰে ভাৰাক্ৰান্ত হৈ থকা অসমৰ আইমাতৃ সকলক উদগনি আৰু সকাহ প্ৰদান কৰাৰ মানসেৰে 'অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি (এমএফআইআৰ এছ), ২০২১'ৰ অধীনত শুকুৰবাৰে নলবাৰী নাট্যমন্দিৰত আনুষ্ঠানিকভাৱে জিলাখনৰ অভিভাৱক মন্ত্ৰী ও অসম চৰকাৰৰ বিত্ত বিভাগৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত জিলাখনৰ দ্বিতীয় শ্ৰেণীৰ ২,৬০১ গৰাকী হিতাধিকাৰী আইমাতৃক সাহায্য বিতৰণ কৰা হয়।

পূৰ্বতে নলবাৰী জিলাৰ প্ৰথম শ্ৰেণীৰ সৰ্বমুঠ ২৬,৮৩০ গৰাকী হিতাধিকাৰীয়ে এই এককালীন আৰ্থিক অনুদান লাভ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকলৰ বাবে ইতিমধ্যে ৪ কোটি ৩৫ লাখ ৮৪ হাজাৰ টকা অনুমোদন কৰা হৈছে। অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে নিজৰ ভাষণত অসমৰ আইমাতৃসকলৰ এই দীৰ্ঘদিনীয়া ঋণগ্ৰস্থতাৰ সমস্যাৰ অৱসান ঘটোৱাৰ লগতে অসমৰ মহিলাসকলৰ আৰ্থিক সৱলীকৰণৰ বাবে লোৱা এই মানৱদৰদী পদক্ষেপ সমগ্ৰ দেশৰ ভিতৰতে একমাত্ৰ বুলি প্ৰকাশ কৰে।

ঋণৰ ধন সদব্যৱহাৰৰ যোগেদি নিজৰ পৰিয়ালৰ লগতে দহৰ উন্নয়ন সাধন কৰিব পাৰিলে ঋণ লোৱা কাৰ্য্য কেতিয়াও বেয়া হ'ব নোৱাৰে বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে উপস্থিতি সকলোকে সময় সাপেক্ষে ব্যৱসায়-বাণিজ্য, সন্তানৰ শিক্ষা আদি বিভিন্ন কাৰণত বেংক বা অন্য সংস্থাৰ পৰা ঋণ ল'বলগীয়া হ'লেও সময়মতে ঋণ পৰিশোধ কৰি দায়িত্বশীল নাগৰিকৰ পৰিচয় দিবলৈ আহ্বান জনায়।

নলবাৰী নাট্যমন্দিৰৰ এই অনুষ্ঠানত জিলা উপায়ুক্ত গীতিমনি ফুকনে আদৰণি ভাষণ আগবঢ়োৱা আজিৰ চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰী নেওগৰ লগতে নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ গোস্বামী, নলবাৰী পৌৰসভাৰ অধ্যক্ষা জয়শ্ৰী তালুকদাৰ আৰু জিলা উন্নয়ন আয়ুক্ত মুন গগৈ উপস্থিত থাকে।

ইয়াৰ পিছতে বিত্ত মন্ত্ৰীগৰাকীয়ে কামৰূপ মহানগৰ জিলাত মাইক্ৰফাইনেন্স হিতাধিকাৰী সকলৰ মাজত অনুদান বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আই.টি.এ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, আমাৰ ৰাজ্যখনক দেশৰ অন্য উন্নত ৰাজ্যৰ সমকক্ষলৈ আগবঢ়াই নিবলৈ মাতৃ সমাজে নেতৃত্ব প্ৰদান কৰিব লাগিব।

বিগত কিছু বছৰৰ পৰা আমাৰ ৰাজ্যখনৰ মহিলা সকল উদ্যোগ, বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়ি অহা বুলিও মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে চৰকাৰৰ এই আঁচনিৰ জৰিয়তে এইবাৰ কামৰূপ মহানগৰ জিলাত ৩,২০১ গৰাকী হিতাধিকাৰী উপকৃত হ'ব।

ইতিমধ্যে ইয়াৰ বাবে ৫ কোটি ২০ লাখ টকা অনুমোদন জনোৱা হৈছে। এই অনুষ্ঠানত গুৱাহাটীৰ সাংসদ কুইন ওজা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে বহু সংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in