/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/HSHH.jpg)
ডিজিটেল সংবাদ,নলবাৰীঃ সদ্য ফলাফল ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰত সপ্তম স্থান লাভ কৰা প্ৰতিভা বৈশ্য আৰু বিজ্ঞান শাখাত দশম স্থান লাভ কৰা মধুস্মিতা বৰ্মণক মঙলবাৰে সুকীয়া সুকীয়াকৈ সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/ef098eb7-1ae5-4ad4-85b2-e7eb8fa283a0.jpg)
বাণিজ্য শাখাত সপ্তম স্থান লাভ কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিভা বৈশ্যক কালি সন্ধিয়া ষ্টেট বেংক অৱ ইণ্ডিয়াৰ,নলবাৰী শাখাই সম্বৰ্ধনা জনায় ।কৃতী ছাত্ৰী গৰাকীৰ মুগকুছি গাওঁৰ বাসগৃহলৈ গৈ বেংক শাখাটোৰ মুখ্য প্ৰবন্ধক ইন্দ্ৰজিৎ ভূঞা আৰু শাখাটোৰ বেংক বিষয়াদ্বয় ৰিপুঞ্জয় তালুকদাৰ আৰু কুমুদ তালুকদাৰে পিতৃ-মাতৃৰ উপস্থিতিত প্ৰতিভা বৈশ্যক সম্বৰ্ধনা জ্ঞাপন কৰে।
সম্বৰ্ধনা গ্ৰহণ কৰি মেধাৱী ছাত্ৰী গৰাকীয়ে ভৱিষ্যতে গুৱাহাটী কমাৰ্চ কলেজত মেজৰ লৈ অধ্যয়ন কৰাৰ কথা সদৰী কৰে। জাপি শিল্পী মধুৰাম বৈশ্য আৰু মঞ্জু বৈশ্যৰ জীয়ৰী প্ৰতিভাই উক্ত পৰীক্ষাত মুঠ ৪৫৮ নম্বৰ লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/0f48a460-4dd8-4e36-b9ca-11f040ad7cdc-1024x768.jpg)
ইপিনে বিজ্ঞান শাখাত দশম স্থান লাভ কৰা নলবাৰী চামতাৰ ইডেনভেলী একাডেমীৰ ছাত্ৰী মধুস্মিতা বৰ্মনক আজি তেওঁৰ ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে সাহিত্য সভাই। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ কলিতা,নলবাৰী জিলা সাহিত্য সভাৰ সহঃ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন আৰু প্ৰভাতী শাখা সাহিত্য সভাৰ সভাপতি প্ৰমোদ তালুকদাৰসহ এটা প্ৰতিনিধি দলে মেধাৱী ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনায়।।