কোকৰাঝাৰ জিলা যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি নজেন চন্দ্ৰ নাথৰ মৃত্যু

কোকৰাঝাৰ জিলা যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি নজেন চন্দ্ৰ নাথৰ মৃত্যু ।
কোকৰাঝাৰ জিলা যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি নজেন চন্দ্ৰ নাথৰ মৃত্যু

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- কোকৰাঝাৰ জিলা যোগী সন্মিলনীৰ প্ৰাক্তন সভাপতি , প্ৰতাপখাতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক নজেন চন্দ্ৰ নাথে বৃহস্পতিবাৰে উচ্চ ৰক্তপাতজনিত কাৰণত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬০ বছৰ আৰু মাথো এমাহ পূৰ্বে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।মৃত্যুৰ পূৰ্বে নজেন চন্দ্ৰ নাথে পত্নী , এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধক ইহজগতত এৰি থৈ যায় ।

উল্লেখ্য যে বিভিন্ন সামাজিক সংগঠনৰ সতে জড়িত তথা অঞ্চলটোৰ সৰবৰাহী ব্যক্তি বুলি পৰিচিত নজেন চন্দ্ৰ নাথ বুধবাৰে নিশা উচ্চ ৰক্তপাতজনিত ৰোগত নিশাই পৰিয়ালৰ লোকে বঙাইগাঁৱৰ এখন ব্যক্তিগতখণ্ডৰ নাৰ্ছিংহোমত ভৰ্তি কৰে ।

চিকিৎসাধীন অৱস্থাতে নজেন চন্দ্ৰ নাথে আজি দুপৰীয়া ইহলীলা সম্বৰণ কৰে । তেওঁৰ নশ্বৰদেহ ঘৰলৈ লৈ অহাৰ পিছত আজি বিয়লি অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত সৎকাৰ সম্পন্ন কৰা হয় । সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ , কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱেশ ৰায় , অগপৰ জিলা সম্পাদক চিৰাজ নাথ , কোকৰাঝাৰ জিলা যোগী সন্মিলনীৰ প্ৰাক্তন সম্পাদক ধনঞ্জয় নাথ , জিলা যোগী সন্মিলনীৰ সভাপতি ভূৱন নাথ আৰু সম্পাদক সঞ্জিত কুমাৰ নাথে বিশিষ্ট সমাজকৰ্মী , সংগঠক , শিক্ষাবিদ নজেন চন্দ্ৰ নাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in