বুঢ়িদিহিং নৈত জাঁপ দিলে নৱম শ্ৰেণীৰ ছাত্ৰীয়ে, SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত…

বুঢ়িদিহিং নৈত জাঁপ দিলে নৱম শ্ৰেণীৰ ছাত্ৰীয়ে, SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত…

author-image
asomiyapratidin
New Update
গোলাঘাটত জুইত জাহ গ’ল এটা ঘৰ, এখন স্কুটী…

ডিজিটেল সংবাদ, নাহৰকটীয়া: নাহৰকটীয়াৰ জয়পুৰস্থিত টিপাম দলঙৰ পৰা বুঢ়িদিহিং নৈত এগৰাকী স্কুলীয়া ছাত্ৰীয়ে জপিয়াই আত্মহনন কৰা ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে সমগ্র অঞ্চলটোত।

জয়পুৰ টিপাম গাওঁৰ নিৱাসী শিৱ সিঙৰ কন্যাই শুকুৰবাৰে ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই গৈ ঘৰৰ সমীপতে থকা বুঢ়িদিহিং নৈত জাঁপ দিয়ে। নাহৰকটীয়া আৰ.কে জিতানী হিন্দী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে নৈত জাঁপ মৰা পিছতেই এক শোকাকুল পৰিবেশ সৃষ্টি হয় সমগ্ৰ অঞ্চলটো।

পিছত ঘটনাস্থলীত পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক আৰু আৰক্ষী প্ৰশাসনৰ লোক সকল উপস্থিত হৈয় এছ ডি আৰ এফৰ সহযোগত নিখোজ হোৱা ছাত্ৰী গৰাকীক বিচাৰি বুঢ়িদিহিং নৈত অভিযান অব্যাহত ৰাখিছে ।ইফালে ছাত্ৰী গৰাকীয়ে কি পৰিস্থিতি বুঢ়িদিহিং নৈত জাপ দিব লগা হ'ল সেইয়া বৰ্তমানৰ লৈকে জানিবলৈ পৰা হোৱা নাই।

আৰু পঢ়ক: গুৱাহাটীত দলবদ্ধ বলাৎকাৰৰ ঘটনা…

assam suicide