২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন

২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, নাহৰকটীয়া: অহা ফ্ৰেব্ৰুৱাৰী মাহৰ ২৫,২৬, ২৭ তাৰিখে ডিব্ৰুগড় জিলাৰ আতিথ্যত আৰু নাহৰকটীয়া বাসী ৰাইজৰ সহযোগত নাহৰকটীয়া ৰাঙলী-কলীয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন খনিৰ মূল কাৰ্য্যসূচী ২৫, ২৬ আৰু ২৭ তাৰিখে অনুষ্ঠিত হ'ব যদিও ২৩ ফ্ৰেব্ৰুৱাৰী পৰাই পাঁচ দিনীয়াকৈ গ্ৰন্থ বিপনী ও প্ৰদৰ্শনী মেলা সমূহ মুকলি কৰাৰ ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে।যাৰ বাবে অধিৱেশনলৈ মাজত মাথোঁ দুটামান দিন থকাৰ অৱস্থাত এতিয়া যুদ্ধংদেহি আৰু উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে অধিৱেশন স্থলীত ।

বতৰে কিছু বিধি পথালি দিছিল যদিও অধিৱেশনৰ মূল মণ্ডপ, পতাকা উত্তোলন স্থলী, গ্ৰন্থ বিপনী ও প্ৰদৰ্শনী, ভোজনালয় আৰু ভকত সকলে থাকিবলৈ নিৰ্মাণ কৰা শিৱিৰ সমূহৰ কাম নব্বৈ শতাংশ শেষ হোৱাৰ লগতে পুঁজি সংগ্ৰহৰ কাম ও প্ৰায় শেষ হৈছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে।

অসমৰ বিভিন্ন ঠাইৰ পৰা অধিৱেশন স্থলীত সমাগম হ'ব লগীয়া লাখ লাখ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিবলৈ নিৰ্মাণ কৰা ভোজনালয়ত ১৪০ টা চৌকাত খাদ্য প্ৰস্তুত কৰাৰ লগতে আঠ হাজাৰ ভকতে একেলগে বহি খাদ্য গ্ৰহণ কৰিব পাৰিব।

ইফালে ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি অধিৱেশনৰ দিন কেইটাত ভকত বৈষ্ণৱ সকলৰ মাজত প্ৰায় দুই লাখ মাস্ক বিতৰণ কৰাৰ লগতে প্ৰতিটো দিনেই অধিৱেশন স্থলী চেনিটাইজা কৰাৰ ব্যৱস্থা গ্ৰহন কৰিছে উদযাপন সমিতিয়ে।

ৰাজ্যত ক'ভিড পৰিস্থিতি অৱনমিত হোৱাত অধিৱেশন খনি ৪,৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিব নোৱাৰাত বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতি কিছু সালসলনি হৈছে যদিও ২৭ তাৰিখে অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ।

অধিৱেশনৰ উপলক্ষে প্ৰকাশ হ'ব লগীয়া স্মৃতিগ্ৰন্থ খন চাৰিটা ভাষাত প্ৰকাশ হোৱাৰ উপৰিও অংকীয়া নাটকৰ সম্পৰ্কে এখন গৱেষণামূলক গ্ৰন্থ আৰু ডিব্ৰুগড় জিলাৰ ইতিহাস সামৰি এখন গ্ৰন্থ প্ৰকাশ পাব। গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীত থাকিব লগীয়া ৬৩০ খন বিপনীৰ ভিতৰত ৫০০ খন বিপনী ইতিমধ্যে বুকিং হোৱাৰ লগতে ভাগৱত শোভাযাত্ৰাত অতিকমেও দুশটা জনগোষ্ঠীয় দলে অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে।

ইফালে জাতি,ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰি এই অধিৱেশন ভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণী সমিতিৰ সভাপতি জয়ন্ত নাথ আৰু সাধাৰণ সম্পাদক হৰি প্ৰসাদ গগৈয়ে আহ্বান জনাইছে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in