নাহৰকটীয়াৰ হত্যাকাণ্ডৰ নতুন মোৰ, মাত্ৰ ৫০ হাজাৰ টকাৰ বিনিময়ত…

নাহৰকটীয়াৰ হত্যাকাণ্ডৰ নতুন মোৰ, মাত্ৰ ৫০ হাজাৰ টকাৰ বিনিময়ত…

author-image
asomiyapratidin
New Update
নাহৰকটীয়াৰ হত্যাকাণ্ডৰ নতুন মোৰ, মাত্ৰ ৫০ হাজাৰ টকাৰ বিনিময়ত…

ডিজিটেল সংবাদ , নাহৰকটীয়া: পোহৰলৈ আহিছে নাহৰকটীয়াত ১৮ জুনৰ নিশা সংঘটিত হোৱা চাঞ্চল্যকৰ ৰিয়াজ হুছেইন ভূঞা হত্যাকাণ্ডৰ ন ন তথ্য।পূৰ্বতে আৰক্ষীয়ে প্ৰকাশ কৰা ধৰণে ত্ৰিকোণীয়া প্ৰেমৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা নাছিল।প্ৰকৃততে ৰিয়াজ হুছেইন ভূঞাৰ নিকট আত্মীয়ৰ নিৰ্দেশত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড।

Advertisment

উল্লেখ্য যে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰছিদ আলী আৰু ছামাদ হুছেইন ভূঞাৰ ঘৰত কৰ্মৰত বনকৰা ল'ৰাক হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনাই গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ নাবালক হত্যাকাৰীক যোৰহাটৰ শিশু নিৰীক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে হত্যাকাৰী ৰছিদ আলীক নাহৰকটীয়া আৰক্ষীয়ে তিনিদিনৰ নিজৰ জিম্মাত লয়।

উল্লেখ্য যে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰছিদ আলীক নাহৰকটীয়া আৰক্ষীয়ে নিজৰ জিম্মাত লয় এই হত্যাকাণ্ডৰ প্ৰকৃত উৎস বিছাৰি মাৰাথন জেৰা অব্যাহত ৰাখিছিল।পিছে আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে এই হত্যাকাণ্ডৰ আন এক অধ্যায়।নামৰূপৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি।

এই হত্যাকাণ্ডৰ মূল পৰিকল্পনাকাৰী আছিল মৃত ৰিয়াজৰ দদায়েক ছামাদ হুছেইন ভূঞা। প্ৰায় এমাহৰ পূৰ্বে ভতিজাক ৰিয়াজ হুছেইন ভূঞাক হত্যাৰ পৰিকল্পনা কৰিছিল ছামাদ হুছেইন ভূঞাই।এই হত্যাৰ পৰিকল্পনা কৰি ছামাদৰ সৈতে সু-সম্পৰ্ক থকা ই-ৰিক্সা চালক ৰছিদ আলীক ৫০ হাজাৰ টকাত হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে চুক্তি কৰিছিল দদায়েক ছামাদে আৰু আগধন হিছাপে ৰছিদক ২০ হাজাৰ টকা আদায় দি বাকী ৩০ হাজাৰ টকা কাম সম্পূৰ্ণ হোৱাৰ পিছত দিয়াৰ কথা আছিল।

ইফালে হত্যাকাৰী ৰছিদে ২০ হাজাৰ টকা আগধন লোৱাৰ পিছতেই এক ছাগলী চোৰৰ গোচৰত জেলত যাবলগীয়া হৈছিল। প্ৰায় এটা পষেক জেইলত থকাৰ পিছত ঘটনা সংঘটিত কৰা ৩/৪ পূৰ্বে জামিনত মুকলি হৈ অহা ৰছিদ আলীৰ টকাৰ প্ৰয়োজন হোৱাত পুনৰ ছামাদৰ ওচৰলৈ যোৱাত পূৰ্বৰ চুক্তিমতে কাম সম্পূৰ্ণ কৰিলে বাকী ধন আদায় দিয়া হ'ব বুলি উল্লেখ কৰি এই কাম সোনকালে সমাপন কৰিবলৈ হত্যাকাৰী ৰছিদক নিৰ্দেশ দিয়ে ছামাদে আৰু ছেগ বুজি ধাৰাষাৰ বৰষুণৰ মাজতেই ১৮ জুনৰ নিশা হত্যাকাৰী ৰছিদে ছামাদৰ গৃহত বনকৰা লৰা হিছাপে কৰ্মৰত নাবালকৰ সহযোগত নৱম শ্ৰেণীৰ ছাত্ৰ ৰিয়াজক অতি নৃশংস ভাবে হত্যা কৰি নাহৰকটীয়া কৱৰস্থান পেলাই থয়।

আৰক্ষীৰ মাৰথন জেৰাত হত্যাকাণ্ড সকলো তথ্য ৰছিদে সৱিস্তাৰে প্ৰকাশ কৰাত মঙলবাৰে নিশা নাহৰকটীয়া আৰক্ষীয়ে পূৰ্বতে ৰুজু কৰা ১২০(বি)/৩০২/২০১ ধাৰাৰ অধীনত ৬৫/২২ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰি বুধবাৰে আদালতত হাজিৰ কৰি পুনৰ তিনিদিনৰ আৰক্ষীৰ জিম্মাত লয়।ইফালে নিজ দদায়েকে কিয় ভতিজাকক অতি নৃশংস ভাবে হত্যা কৰিলে সেই কথা তদন্তৰ খাতিৰত সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা নাই যদিও এক নিৰ্ভৰযোগ্য সূত্ৰ পৰা লাভ কৰা খবৰ অনুসৰি হত্যাৰ পৰিকল্পনাকাৰী দদায়েক ছামাদ হুছেইন ভূঞাৰ পৰিয়ালৰ কোনোবা এগৰাকীৰ সৈতে আছিল অবৈধ সম্পৰ্ক যি কথা স্বচক্ষে দেখিছিল আৰু জানিছিল ভতিজাক ৰিয়াজ হুছেইন ভূঞাই।

আৰু ৰিয়াজ জীয়াই থাকিলে ছামাদৰ বিপদ অনিবাৰ্য বুলি জানিয়ে অতি কৌশলেৰে পৰিকল্পিত ভাৱে ভতিজাকক হত্যা কৰিলে ছামাদে।উল্লেখ্য যে ছামাদ হুছেইন ভূঞাৰ চৰিত্ৰ সম্পৰ্কে সৰ্বজনবিদিত পূৰ্বতে নিজৰ ঘৰতে থকা বনকৰা ছোৱালীক গৰ্ভৱতী কৰাৰো অভিযোগ আছে ধৃত ছামাদৰ বিৰুদ্ধে।তদুপৰি টকা সুদলৈ দি সুদ আদায় নিদিলে মহিলা যুৱতীসকল শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰোৱাৰো অভিযোগ আছে এই গৰাকী পাষাণ দদায়েক ছামাদৰ বিৰুদ্ধে।অৱশ্যে এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ দুই এদিনতে আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব যদিও শীঘ্ৰেই এগৰাকী মহিলা এই হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা অধিক।

আৰু পঢ়ক: " আমি হিন্দুত্ববাদক অনুসৰণ কৰিম" গুৱাহাটীত মহাৰাষ্ট্ৰৰ প্ৰায় ৪০ মন্ত্ৰী-বিধায়ক

assam murder crime Assam police