Advertisment

বিশিষ্ট চিন্তাবিদ হোমেন বৰগোহাঁইৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...

নগাওঁ আমোলাপত্তি স্থিত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ত হোমেন বৰগোহাঞি দেৱৰ জন্ম তিথি উপলক্ষে তেখেতৰ সোঁৱৰণী অনুষ্ঠান এটিৰ অযোজন কৰা হয় । বিশিষ্ট সাহিত্যিক গৰাকীৰ

author-image
Asomiya Pratidin
New Update
দজদজ

ডিজিটেল ডেস্কঃ  নগাওঁ আমোলাপত্তি স্থিত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ত হোমেন বৰগোহাঞি দেৱৰ জন্ম তিথি উপলক্ষে তেখেতৰ সোঁৱৰণী অনুষ্ঠান এটিৰ অযোজন কৰা হয় । বিশিষ্ট সাহিত্যিক গৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই ।

Advertisment

অনুষ্ঠানৰ টিৰ পৰৱৰ্তী কাৰ্যসূচীৰ আঁত ধৰে বিদ্যালয়ৰ গণিত বিভাগৰ শিক্ষক শ্ৰী যুত শুভম দেৱে । হোমেন বৰগোহাঞি দেৱৰ ভাষাৰে,জীৱনৰ বাটত আগ বাঢ়িবলৈ প্ৰত্যক্ষ বা পৰোক্ষ ভাবে সকলোৰে যে সহায়-সহযোগিতাৰ প্ৰয়োজন আৰু অহংকাৰহীন চিন্তাই যে উন্নতি পথ প্ৰশস্ত কৰে তাকে কৈ শিক্ষকজনে ছাত্ৰ ছাত্ৰী ক সাহিত্যিক জনৰ পথ অনুকৰণ কৰিবলৈ উদগনি যোগায় ।

এই অনুষ্ঠানটিত বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।অষ্টম শ্ৰেণীৰ ছাত্ৰ জ্যোতিষ্মান নাথে হোমেন বৰগোহাঞি দেৱৰ বিষয়ে এটি চমু বক্তব্য আগবঢ়ায় । বিদ্যালয় খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী পৰীস্মিতা পিঙ্গলিকা শইকীয়াই হোমেন বৰগোহাঞি দেৱৰ দ্বাৰা ৰচিত এটি কবিতা আবৃত্তি কৰে আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰী আয়ুশ্রী দাসে হোমেন বৰগোহাঞি দেৱৰ স্মৃতি ৰোমন্থন কৰি এটি গীত পৰিবেশন কৰে ।

গীতটিৰ কথা আছিল ড°সৌৰভ কুমাৰ ভূঞা,সুৰ তপন কুমাৰ লহকৰ আৰু কণ্ঠ আছিল অঞ্জনজ্যোতি চৌধুৰী আৰু শ্ৰুতি গোস্বামী ।

নগাওঁ