ডিজিটেল সংবাদ ,নগাঁওঃ নগাঁও চহৰৰ চৰকাৰী খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান পি এম শ্ৰী চৰকাৰী আৰবান হাইস্কুলৰ ৰাষ্ট্ৰপতি পুৰষ্কাৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান শিক্ষক প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিত এটি নৱ নিৰ্মিত সভাগৃহ আজি উদ্বোধন কৰা হয়। শিক্ষাবিদ গৰাকীৰ নামত উৎসৰ্গিত সভাগৃহটি উদ্বোধন কৰি প্ৰয়াত শিক্ষাবিদ গৰাকীৰ পুত্ৰ নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই গৌৰৱবোধ কৰা বুলি মন্তব্য কৰে । প্ৰয়াত পিতৃ বলেন্দ্ৰ নাথ শৰ্মাৰ সততা আৰু কৰ্মনিষ্ঠাই তেওঁক সদায় অনুপ্ৰেৰণা যোগাই অহা বুলিও বিধায়ক শৰ্মাই প্ৰসংগক্ৰমে উল্লেখ কৰে।
উল্লেখ্য যে, কৰ্মজীৱনৰ আৰম্ভনিতে নগাঁও আৰবান বুনিয়াদী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰ্মত যোগদান কৰা বলেন্দ্ৰ নাথ শৰ্মাৰ প্ৰচেষ্টাত বিদ্যালয়খনত হাইস্কুল শাখা আৰম্ভ হোৱাৰ লগতে জিলাখনৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানলৈ উন্নীত হয়। শিক্ষকতাক জীৱনৰ ব্ৰত হিচাপে লোৱা বিশিষ্ট শিক্ষাবিদ বলেন্দ্ৰ নাথ শৰ্মাক ১৯৯৩ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰপতি পুৰষ্কাৰেৰে সন্মানিত কৰে। আনহাতে প্ৰয়াত পিতৃয়ে এসময়ত শিক্ষকতা কৰা বিদ্যালয়খনত পিতৃৰ স্মৃতিত এটি সভাগৃহ উচৰ্গা কৰাৰ বাবে বিধায়ক শৰ্মাই বিদ্যালয় পৰিচালনা সমিতিৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলক ধন্যবাদ জ্ঞাপন কৰে ।আজি অনুষ্ঠিত সভাত বিধায়ক শৰ্মাই বিদ্যালয়খনৰ ৩০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা জ্ঞাপন কৰে ।
গুৰু বন্দনা আৰু সভাগৃহ উদ্বোধনী সভাখনত নগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেন শইকীয়া , বিদ্যালয় পৰিচালনা সমিতিৰ উপ সমিতি প্ৰাঞ্জল শইকীয়াৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে । ইপিনে আজি শিক্ষক দিৱস উপলক্ষে বিধায়ক ৰূপক শৰ্মাই নগাঁও-বটদ্ৰৱা সমষ্টিৰ প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ ২৫০০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে । শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত প্ৰথমবাৰৰ বাবে এনেদৰে সমষ্টিটোৰ শিক্ষক সকললৈ বিধায়ক গৰাকীৰ তৰফৰ পৰা প্ৰেৰণ কৰা সম্বৰ্ধনাই শিক্ষাগুৰুসকলক উৎসাহিত কৰি তোলে ।