নগাঁৱৰ কটহগুৰিত ভংয়কৰ ঘটনা...

নগাঁৱৰ কটহগুৰিত ভংয়কৰ ঘটনা...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কটহগুৰিত ভংয়কৰ ঘটনা...

ডিজিটেল সংবাদ, বটদ্ৰৱা: এইখন অসমত হৈছে কি? ধৰ্ষণৰ নামত নিতৌ সংঘটিত হৈ আহিছে ন ন কাণ্ড। এগৰাকী স্বামী, স্ত্ৰীৰ বাবে আশা ভৰসা নিৰাপত্তাৰ থল। কিন্তু জানি আচৰিত হব। কাৰণ এইবাৰ স্বামীৰ দ্বাৰাই সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা। অভিযোগ অনুসৰি ধিং থানাৰ অন্তৰ্গত কটহগুৰিত লম্পট স্বামীয়ে নিজ পত্নীক দি দিয়ে পৰ পুৰুষৰ হাতত যৌন নিৰ্যাতন চলাবলৈ। লম্পট স্বামীৰ নাম ফকৰ উদ্দীন।

Advertisment

অভিযোগ অনুসৰি কটহগুৰি গাঁৱৰ যুৱক লম্পট ফকৰ উদ্দিনে নিজৰ বন্ধু মোজাম্মিল হকক মাতি আনি নিজৰ পত্নীক যৌন শোষণ কৰিবলৈ সমৰ্পন কৰি পত্নীৰ ডিঙিত দা লগাই ধৰি ৰাখে। সমান্তৰালকৈ মোজাম্মিলে ভয় ভাবুকিৰে বন্ধুৰ সন্মুখত বন্ধু পত্নীক ধৰ্ষণ কৰে। আনহাতে পত্নীয়ে যাতে বাধ্য হৈ পৰপুৰুষৰ ধৰ্ষণত সন্মতি দিয়ে তাৰ বাবে স্বামীয়ে ভিডিও ৰেকৰ্ডিং কৰে বন্ধুয়ে জোৰ জবৰদস্তিকৈ কৰি থকা যৌন নিৰ্যাতনৰ দৃশ্য।

এই ঘটনাৰ দিনা নিশাৰ ভাগত পুনৰ বন্ধুক মাতি আনি ধৰ্ষণ কৰাৰ বাবে পত্নীক সমৰ্পন কৰা সময়ত পত্নীয়ে আত্মহত্যাৰ ভাবুকি দিয়াত দুয়ো পলাই যোৱাৰ সময়ত ভুক্তভোগী মহিলা গৰাকীয়ে পিতৃ গৃহলৈ গুচি আহে । ঘটনাৰ পিছৰে পৰাই ভুক্তভোগী মহিলা গৰাকীয়ে আইনৰ আশ্ৰয় লবলৈ বিচাৰে যদিওঁ, চৰম নিৰাপত্তা হীনতাত ভুগি ভয় ভাবুকিৰে পিতৃ গৃহতেই এক প্ৰকাৰ গৃহবন্দী হৈ আছে।

অৱশেষত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতা আছাদুল হক চৌধুৰীয়ে ঘটনাৰ সবিশেষ গম পাই আইনী সাহাৰ্য্য কৰিবলৈ আগবাঢ়ি আহে আৰু নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দিয়াৰ প্ৰস্তুতি চলায়। ইপিনে এই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাই একাংশ মাতব্বৰে। এই মাতব্বৰে ভুক্তভোগীক হেঁচা প্ৰদান কৰি অহাৰ অভিযোগ। সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰদানৰ হস্তক্ষেপ দাবী কৰিছে সচেতন মহলে।

Also Read: সাংবাদিক, লেখক মুকুল পাটৰ আৰু নাই...

নগাঁৱ