Advertisment

আমেৰিকাৰ বাইক ৰাইদাৰ বেৰী থমচনৰ শেষকৃত্য নগাঁৱত সম্পন্ন...

২১ ডিচেম্বৰত হোজাই জিলাৰ লামডিঙত এক শোকাবহ দুৰ্ঘটনাত  মৃত্যু হোৱা আমেৰিকাৰ বাইক ৰাইদাৰ্ছ বেৰি থমচনৰ শেষকৃত্য আজি নগাঁৱতে সম্পন্ন কৰা হয়।২১ ডিচেম্বৰত হোজাই জিলাৰ লামডিঙত এক শোকাবহ দুৰ্ঘটনাত  মৃত্যু হোৱা আমেৰিকাৰ বাইক ৰাইদাৰ্ছ বেৰি থমচনৰ শেষকৃত্য

author-image
Asomiya Pratidin
New Update
বেৰী থমচন

বেৰী থমচন Photograph: (বেৰী থমচন)

ডিজিটেল সংবাদ,  নগাঁওঃ  ২১ ডিচেম্বৰত হোজাই জিলাৰ লামডিঙত এক শোকাবহ দুৰ্ঘটনাত  মৃত্যু হোৱা আমেৰিকাৰ বাইক ৰাইদাৰ্ছ বেৰি থমচনৰ শেষকৃত্য আজি নগাঁৱতে সম্পন্ন কৰা হয়।দুৰ্ঘটনাত মহিলা ৰাইদাৰ্ছ গৰাকীৰ মৃত্যু হোৱা দিনাৰে পৰা তেওঁৰ মৃতদেহটো নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ মৰ্গত বৈজ্ঞানিক পদ্ধতিত সংৰক্ষণ কৰি ৰখা হৈছিল।

Advertisment

আজি তেওঁৰ   পৰিয়ালৰ অনুমতি সাপেক্ষে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা হয়।পাছত খ্ৰীষ্টান ধৰ্মৰ ৰীতি নীতিৰে তেওঁৰ শেষ বিদায়ৰ প্ৰাৰ্থনাসভাও অনুষ্ঠিত কৰা হয়।এই প্ৰাৰ্থনা সভা তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ কৰ্তৃপক্ষৰ লগতে তেওঁৰ সতীৰ্থ ৰাইদাৰ্ছ সকলো উপস্থিত থাকে।পাছত এক শোকাকূল‌ পৰিৱেশৰ মাজত বহু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

স্মৰ্তব্য যে,আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দা বেৰিয়ে বাইকেৰে  বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমন কৰিছিল।যোৱা ২২ডিচেম্বৰত লামডিং-হাফলং সংযোগী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাত কৰুণ ভাৱে মৃত্যুক আকোঁৱালি লব লগীয়া হয়।তেজপুৰ অভিমুখে আহি থকা অৱস্থাত এখন দ্ৰুত বেগী মালবাহী ট্ৰাকে খুন্দা মৰাৰ ফলতে  বেৰীৰ ঘটনাস্থলীতে মৃত্যু হয় ৷

দুৰ্ঘটনাগ্ৰস্ত ৰয়েল এনফিল্ড হিমালয়ান বাইকখনৰ নম্বৰ হ’ল AS 11 N 0804 । বিদেশৰ পৰা বাইক চলাই ভাৰত ভ্ৰমণ কৰি আছিল বিদেশী ৰাইদাৰ্ছ গৰাকী ৷ আজি নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত বেৰিক অন্তিম শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ অহা সতীৰ্থ ৰাইদাৰ্ছ সকলৰ উচুপনিয়ে এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰে।

হোজাই