মাহৰিআটিত তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰ...

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাহৰিআটিত আজি নিশা ৯.৩০ বজাত এখন তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়।প্ৰাপ্ত খবৰ অনুসৰি,বেবেজীয়া

author-image
Asomiya Pratidin
New Update
iqhh

ডিজিটেল  সংবাদ,বেবেজীয়া: নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ মাহৰিআটিত আজি নিশা ৯.৩০ বজাত এখন তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে এক ভয়ানক দুৰ্ঘটনা সংঘটিত হয়।প্ৰাপ্ত খবৰ অনুসৰি,বেবেজীয়া-দক্ষিণপাট-বৰকলা সংযোগী লোকনিৰ্মাণ পথটোৰে তীব্ৰবেগত যোৱা এ এছ ০২ এ চি ০৭৩৬ নম্বৰৰ ডাম্পাৰখনে পথচ্যুত হৈ কাষৰ বিদ্যুত পৰিবাহী তাঁৰবোৰ ছিঙি এটা বিদ্যুৎৰ ট্ৰেন্সফৰ্মাৰত খুন্দা মাৰে।

ফলত ট্ৰেন্সফৰ্মাৰটো প্ৰকাণ্ড শব্দৰে জ্বলি উঠে আৰু বিদ্যুৎ সেৱা বিছিন্ন হৈ পৰে।লগতে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰবোৰ পথৰ ওপৰত পৰি ৰোৱাত পথটোৰ যাতায়ত ব্যাহত হৈ পৰিছে।

ইপিনে, দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকজনে উক্ত স্থানৰ পৰা পলায়ন কৰে।পিছত স্থানীয় মাহৰিআটি গাঁৱৰ ৰাইজ ট্ৰেন্সফৰ্মাৰৰ জুই নিৰ্বাপিত কৰাত ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰে।উল্লেখ্য যে,উক্ত পথটোৰে বিগত সময়ত মাটি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰ দৌৰাত্ম্যৰ বাবে বহুকেইটা সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে।

নগাওঁ