/asomiyapratidin/media/media_files/2025/03/26/yaaMW2hUV1iNWAqScekX.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে আজি নগাঁও চহৰৰ সমীপৰ চলচলিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই।
এক গোপন সুত্ৰৰ পমখেদি চলোৱা এই অভিযানৰ সময়ত আৰক্ষীয়ে ড্ৰাগছ সহ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহিলা গৰাকী হল চলচলিৰ আহিদা খাতুন। আৰক্ষীয়ে আহিদাৰ জিম্মাৰ পৰা প্ৰায় ৫ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰে। অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে মহিলা গৰাকীক জেৰা অব্যাহত ৰাখিছে।