নগাঁও মহাবিদ্যালয়ৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱসঃ চেমিনাৰৰ লগতে কেইবাখনো গ্ৰন্থ উন্মোচন…

নগাঁও মহাবিদ্যালয়ৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱসঃ চেমিনাৰৰ লগতে কেইবাখনো গ্ৰন্থ উন্মোচন…

author-image
asomiyapratidin
New Update
নগাঁও মহাবিদ্যালয়ৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱসঃ চেমিনাৰৰ লগতে কেইবাখনো গ্ৰন্থ উন্মোচন…

ডিজিটেল ডেস্কঃ আজি নগাঁও মহাবিদ্যালয়ৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱস। ইয়াৰ লগত সংগতি ৰাখি দুখন চেমিনাৰ অনুষ্ঠিত হয়। প্ৰথমখন পুৱা ১০বজাৰ পৰা ১১.৪৫বজালৈ পৰিচালনা সমিতিৰ সভাপতি ড০ শৰত দত্তৰ সঞ্চালনাত অনুষ্ঠিত হয়। অনলাইনযোগে ইয়াৰ সৈতে সংযোজিত হয় প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যাপক শিক্ষাৰ্থীসকল।

Advertisment

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰত বৰকটকীয়ে উদ্দেশ্য ব্যাখা কৰা ভাৰ্চুৱেল সভাখনত স্থানীয় বিধায়ক তথা প্ৰাক্তন ছাত্ৰ ৰূপক শৰ্মাই নগাঁও কলেজৰ ইতিহাস গ্ৰন্থখন উন্মোচন কৰে। এই গ্ৰন্থখনৰ সম্পাদনা কৰিছে শৰত বৰকটকী আৰু ড০ নৱ প্ৰসাদ নাথে। বক্তব্যত তেওঁ নগাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে কলং পাৰত নতুন এটা শিক্ষাৰ্থী নিৱাস নিৰ্মাণ আগষ্টমাহতে আৰম্ভ হোৱাৰ কথা জানিবলৈ দিয়ে।

ইাৰ পিছতে এন আৰ এলৰ সঞ্চালক ৰূপম গোস্বামীয়ে ভাৰতীয় সাহিত্যত মহিলা লেখকৰ ৰচনাশৈলী গ্ৰন্থখন উল্লেখ কৰে। উল্লেখ্য যে, এন আৰ এলৰ তৰফৰ পৰা গোস্বামীৰ সহযোগত প্ৰায় ২৮লাখ টকা মূল্যৰ উচ্চ ক্ষমতা সম্পন্ন জেনেৰেটৰ নগাঁও মহাবিদ্যালয়ত স্থাপন কৰা হয়।

এই সভাখনত প্ৰতিস্থা কালৰে পৰা বৰ্তমানলৈ মহাবিদ্যালয়খনৰ দ্ৰুত অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। উল্লেখ্য যে, ১২বজাৰ পৰা মহাবিদ্যালয়খনৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰ্চুৱেল আলোচনাচক্ৰ এখনো অনুষ্ঠিত হয়।ইয়াৰ সৈতে অনলাইনত সংযোজিত হয় ফান্স, অষ্ট্ৰেলিয়াকে ধৰি কেইবাখনো দেশৰ বিশিষ্ট লেখক, শিক্ষাবিদ আৰু ভালেসংখ্যক শিক্ষাৰ্থী।