৪২ৰ ছহীদ বাৰপূজীয়াৰ তিলক ডেকাৰ স্মৃতি দিৱস উদযাপন…

৪২ৰ ছহীদ বাৰপূজীয়াৰ তিলক ডেকাৰ স্মৃতি দিৱস উদযাপন…

author-image
asomiyapratidin
New Update
৪২ৰ ছহীদ বাৰপূজীয়াৰ তিলক ডেকাৰ স্মৃতি দিৱস উদযাপন…

ডিজিটেল সংবাদ, বেবেজীয়া : ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে বগা বঙালক খেদা যি ভাৰত ত্যাগ আন্দোলন গঢ়ি তুলিছিল, তাতে অসমৰ অবিভক্ত নগাঁও জিলাৰ বৃহত্তৰ বাৰপূজীয়া অঞ্চলৰ তিনি গৰাকী বীৰ ছহীদে প্ৰাণ আহুতি দিছিল।

২৬ আগষ্টত ৰহা থানাৰ অন্তৰ্গত জোঙাল বলহু গড়ৰ সমীপত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ যাওতে বাৰপূজীয়া অঞ্চলৰ হেমৰাম পাতৰ আৰু গুণাভিৰাম বৰদলৈ বৃটিছ পল্টনৰ গুলীত ছহীদ হৈছিল। আৰু তাৰ এটা দিনৰ পাছতে ২৮ আগষ্ট তাৰিখে মুক্তি যোদ্ধা সকলৰ নিৰাপত্তাৰ বাবে নিশা পহৰাৰ দায়িত্বত থকা পাহুৱাল ডেকা বীৰ তিলক ডেকাক বৃটিছ সেনাৰ এটা দলে শূণ্য দুৰত্বৰ পৰা গুলীয়াই অতি নিৰ্মম ভাবে হত্যা কৰে।

সেয়েহে অঞ্চলৰ ৰাইজে উক্ত দুয়োটা দিন অতি শ্ৰদ্ধাৰে সুঁৱৰি স্মৃতি দিৱস হিচাপে পালন কৰি আহিছে। দেওবাৰে ছহীদ তিলক ডেকাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অৱনী মোহন ডেকাই আৰু আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অধ্যক্ষ কুমুদ চন্দ্ৰ বৰদলৈয়ে ।

nagaon assam