/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1c1cda33-974d-46a9-9656-b195eb73a2fa/ki.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ বৰঘাট আৰক্ষী পহৰা চকীৰ অন্তৰ্গত নগাঁও বাইপাছ চকৰ ওচৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়। জানিব পৰা মতে, উৰিয়াগাঁৱৰ পৰা ডিমৌ অভিমুখে গৈ থকা ১৬ চকীয়া এখন ট্ৰাকে এ এছ ০১ এফ এল ২৯২৬ নম্বৰৰ এখন মটৰ চাইকেলেৰে অহা দুজন বাইক আৰোহীক মহতিয়াই নিয়ে।
আৰক্ষী সূত্ৰ মতে, এই পথ দুৰ্ঘটনাত নিহত বাইক আৰোহীদ্বয় হ'ল সুবিদ্ৰা দাস (২৭) আৰু আমিন আলি (৩২)। ইয়াৰে সুবিদ্ৰা দাসৰ ঘৰ গোঁসাইগাঁৱত আৰু আমিন আলিৰ ঘৰ ৰহাত।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনে পলায়ন কৰাত এই বাতৰি যুগুতোৱা পৰ্যন্ত কোনো খবৰ পোৱা নাই আৰক্ষীয়ে। ইফালে, স্থানীয় সূত্ৰই জনোৱা মতে, একেটা পথেদি আহি থকা দুখন ট্ৰাকৰ মাজেদি মটৰ চাইকেল আৰোহী পাৰ হ'বলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনাটো।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us