অসম বিশ্ববিদ্যালয়ৰ পৰা নগাঁৱৰ প্ৰণামী শৰ্মাই লাভ কৰিলে সোনৰ পদক…

অসম বিশ্ববিদ্যালয়ৰ পৰা নগাঁৱৰ প্ৰণামী শৰ্মাই লাভ কৰিলে সোনৰ পদক…

author-image
asomiyapratidin
New Update
অসম বিশ্ববিদ্যালয়ৰ পৰা নগাঁৱৰ প্ৰণামী শৰ্মাই লাভ কৰিলে সোনৰ পদক…

ডিজিটেল সংবাদ নগাঁও : শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত স্নাতকোত্তৰ চূড়ান্ত বাৰ্ষিকৰ ফলাফলত প্ৰণামী শৰ্মাই ভূগোল বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান দখল কৰি সোনৰ পদক লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। নগাঁও ৰেনেচাৰ জুনিয়ৰ কলেজৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত প্ৰণামীয়ে নগাঁও মহাবিদ্যালয়ৰ পৰা ভূগোল সন্মানীয় বিষয় হিচাপে লৈ প্ৰথম শ্ৰেণী লাভ কৰি স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

Advertisment

শৈক্ষিক ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ উপৰিও প্ৰণামী এগৰাকী সুপৰিচিত নৃত্য আৰু অভিনয় শিল্পীও। প্ৰণামী শৰ্মা নগাঁও শিঙিয়া পোতনি গাঁও নিবাসী পদ্মকান্ত শৰ্মা আৰু দীপা শৰ্মা কন্যা। প্ৰনামী শৰ্মাৰ সফলতাৰ বাবে অঞ্চলটোৰ বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিছে।

ক্লিক কৰি পঢ়কঃ 'আলফাই অসমত কলপুলি এটাও ৰোৱা নাই'- ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী