জখলাবন্ধা সত্ৰত ইছলাম ধৰ্মীয় যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম

জখলাবন্ধা সত্ৰত ইছলাম ধৰ্মীয় যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ আমোলাপট্টিৰ জখলাবন্ধা সত্ৰত এগৰাকী উচ্চ শিক্ষিত ইছলাম ধৰ্মালম্বী যুৱতীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ ৰঙিয়াৰ যুৱতীগৰাকীক সনাতন ধৰ্মৰ দীক্ষা দিয়া হয় জখলাবন্ধা সত্ৰত ৷

সত্ৰখনিৰ সত্ৰাধিকাৰে সনাতনী নিয়মৰ মাজেৰে দীক্ষা প্ৰদান কৰে ৷ সত্ৰৰ মজিয়াত হোম যজ্ঞত অংশ লৈ শৰণ গ্ৰহণ কৰে যুৱতীগৰাকীয়ে ৷ ইয়াৰ পিছতে ইছলাম ধৰ্মী যুৱতীগৰাকীয়ে পূৰ্বৰ নাম পৰিহাৰ কৰি অনন্যা দেউৰি নামেৰে পৰিচিত হয় ৷

জানিব পৰা মতে উচ্চ শিক্ষিত যুৱতীগৰাকীয়ে ধেমাজীৰ এজন যুৱকৰে বিবাহপাশত আৱদ্ধ হোৱাৰ প্ৰাকক্ষণত গ্ৰহণ কৰে হিন্দু ধৰ্ম ৷ যুৱকজন পেছাত এগৰাকী চিকিৎসক ৷

জখলাবন্ধা সত্ৰত ইছলাম ধৰ্মীয় যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম
শিৱসাগৰৰ যুৱ দ'লত জল জীৱন মিছনৰ আঁচনি সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in