'বিকাশ'ৰ উদ্যোগত ৰাইডঙীয়াত যোগাসনৰ প্ৰশিক্ষণ

'বিকাশ'ৰ উদ্যোগত ৰাইডঙীয়াত যোগাসনৰ প্ৰশিক্ষণ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইডঙীয়াৰ শিশু বিকাশৰ বাবে উৎসৰ্গিত সংগঠন 'বিকাশ'ৰ উদ্যোগত দেওবাৰে ৰাইডঙীয়া পাঁচআলি ৰাজহুৱা মঞ্চত যোগাসনৰ প্ৰশিক্ষণ কাৰ্য্যসূচী আৰম্ভ হয়।

পুৱা কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে 'বিকাশ'ৰ উপদেষ্টা সূৰ্য ৰাজখোৱাই। মনোজ বৰুৱা আৰু নবজিৎ গোস্বামীয়ে প্ৰশিক্ষণ প্ৰদান কৰা যোগাসন প্ৰশিক্ষণ শিবিৰত বিকাশৰ কাৰ্যকৰী সভাপতি লাচিত বৰদলৈ, উপদেষ্টা মুনীন্দ্ৰ বৰুৱা, যতিন বৰা, প্ৰধান সম্পাদক শংকৰজ্যোতি শৰ্মা, প্ৰবীণ কলিতা ,খগেন বৰুৱা, কবিন পাটৰ ,গৌতম বৰা ,জয়ন্তপাৰ্থ বৰা ,শান্তনু বৰা ,বিচিত্র নাৰায়ণ শ‌ইকীয়াৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ উপস্থিত থাকে।

শিব প্ৰসাদ বৰাই আঁতধৰা প্ৰশিক্ষণ শিবিৰত ৰাইডঙীয়া অঞ্চলৰ ৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে যোগাসনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in