নগাঁৱত ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ কৰ্মশালা...

নগাঁৱত ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
নগাঁৱত ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ কৰ্মশালা...

নগাঁৱত ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ কৰ্মশালা...

ডিজিটেল সংবাদ নগাঁও: ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ নিৰ্দেশত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ সভাগৃহত মঙ্গলবাৰে এদিনীয়াকৈ এক কৰ্মশালা অনুষ্ঠিত হয়। "নাকৰ" মূল্যায়নৰ প্ৰস্তুতি আৰু নতুন শিক্ষানীতি ২০২০ৰ প্ৰয়োগ সম্পৰ্কত কৰ্মশালাত আলোচনা কৰা হয়।

Advertisment

উক্ত কৰ্মশালাৰ সমন্বয়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ টাবাচুম ৰিজবিয়ে অংশগ্ৰহণ কৰি কৰ্মশালাখনৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বাখ্যা ডাঙি ধৰে। অনুষ্ঠানত সমল ব্যক্তি হিচাপে মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰা আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক ড০ জয়ন্ত বৰ্মনে অংশ গ্ৰহণ কৰে।

এই কৰ্মশালাত মৈৰাবাৰী মহাবিদ্যালয়, চৰাইবাহী মহাবিদ্যালয়, হাতীচোং মহাবিদ্যালয় আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক, অধ্যাপিকাসকলে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ সহকাৰী সমন্বয়ক তথা গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৃগাংক শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে।

Also Read: অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ নাট্যৰূপ, ১৬ আৰু ১৭ ফেব্ৰুৱাৰীত নাট্য প্ৰদৰ্শনী অনুষ্ঠান

ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযান