মহিলা সৱলীকৰণৰ মহৎ লক্ষ্যৰে গঠন অসম প্ৰগতি সন্থা...

মহিলা সকল আজিৰ বিশ্বায়নৰ যুগত আত্মনিৰ্ভৰশীল হৈ উঠাটো অত্যন্ত জৰুৰী। এই মহৎ উদ্দেশ্য আগত ৰাখি গঠন হ’ল অসম প্ৰগতি সন্থা।

author-image
Asomiya Pratidin
New Update
মহিলা সৱলীকৰণৰ মহৎ লক্ষ্যৰে গঠন অসম প্ৰগতি সন্থা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহিলা সকল আজিৰ বিশ্বায়নৰ যুগত আত্মনিৰ্ভৰশীল হৈ উঠাটো অত্যন্ত জৰুৰী। এই মহৎ উদ্দেশ্য আগত ৰাখি গঠন হ’ল অসম প্ৰগতি সন্থা।

Advertisment

"ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ২০ গৰাকী নিৰ্বাচিত মহিলাৰ কোষ গঠন কৰি ৰাজ্যখনক মহিলা সৱলীকৰণ, কষ্টসহিষ্ণুতা, আত্মনিৰ্ভৰশীল, পৰমুখী পৰিহাৰ কৰি নাৰীসকলক স্বনিৰ্ভশীল কৰাৰ এই সন্থাৰ মূল উদ্দেশ্য"। সন্থাটোৰ বটদ্ৰৱাস্থিত মূল কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে ৰাজ্যিক সভাপতি নোমল চন্দ্ৰ বৰাই।

লগতে তেখেতে কয় বৰ্তমান মূল্যবৃদ্ধিৰ বাবে ককবকাই থকা সৰ্বসাধাৰণক কেনেকৈ অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূল্যত উপলদ্ধ কৰাব পাৰি আৰু পৰিবেশ সুৰক্ষাৰ বাবে গাঁৱে ভূঞে নিম আৰু আহত গছ ৰোপণ কৰি পৰিবেশ সুুন্দৰ আৰু স্বাস্থ্যবান ভবিষ্যত গঢ়াৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে৷

Also Read: এইবাৰ ভাৰতৰ পৰা অস্কাৰৰ দৌৰত কোন?