অগ্নিদগ্ধ মহিলাক উদ্ধাৰ কৰি সংবাদকৰ্মীয়ে ভৰ্তি কৰিলে চিকিৎসালয়ত

অগ্নিদগ্ধ মহিলাক উদ্ধাৰ কৰি সংবাদকৰ্মীয়ে ভৰ্তি কৰিলে চিকিৎসালয়ত

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত অঘটন। শনিবাৰে নিশা এটা জিৰণিচ’ৰাত উদ্ধাৰ হয় এগৰাকী অগ্নিদগ্ধ মহিলা। নগাঁও চহৰৰ দিফলুৰ তিনিআলিৰ এটি জিৰণিচ’ৰাত নিশা উদ্ধাৰ কৰা মহিলাগৰাকীৰ বয়স প্ৰায় ৩০ বছৰ হ'ব।

জানিব পৰামতে দিনৰ ভাগত অগ্নিদগ্ধ মহিলাগৰাকীক জিৰণিচ’ৰাটোত কোনে পেলাই থৈ গ’ল ই এক ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে। মহিলাগৰাকী নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল, পিছত নগাঁও মেডিকেল কলেজলৈ উচ্চ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা বুলি একাংশই উল্লেখ কৰে।

নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা মহিলাগৰাকী কোনে, কিয় জিৰণিচ’ৰাত পেলাই থৈ গ’ল ই ৰহস্যজনক ঘটনা। ইফালে মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই । ঘটনাস্থলীত এদল সংবাদকৰ্মী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি নগাঁও মেডিকেল কলেজৰ জৰুৰী বিভাগত ভৰ্তি কৰোৱাই।

অগ্নিদগ্ধ মহিলাক উদ্ধাৰ কৰি সংবাদকৰ্মীয়ে ভৰ্তি কৰিলে চিকিৎসালয়ত
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'লে বিধায়ক ভৱেশ কলিতাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in