ৰহাত ১৬ দিনে সন্ধানহীন মহিলাঃ মাতৃক বিচাৰি হাহাকাৰ ৬ বছৰীয়া কন্যাৰ...

বজাৰ কৰিবলৈ গৈ ঘূৰি নাহিল মহিলাগৰাকী
ৰহাত ১৬ দিনে সন্ধানহীন মহিলাঃ মাতৃক বিচাৰি হাহাকাৰ ৬ বছৰীয়া কন্যাৰ...
ৰহাত ১৬ দিনে সন্ধানহীন মহিলাঃ মাতৃক বিচাৰি হাহাকাৰ ৬ বছৰীয়া কন্যাৰ...

ডিজিটেল সংবাদ ৰহাঃ নগাঁও জিলাৰ ৰহাৰ ভাটিগাঁৱৰ নিৱাসী কৰুণা নাথৰ কন্যা দিপ্তী দেৱী যোৱ ১৪ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে। ঘটনাৰ বিবৰণ মতে যোৱা ১৪ মাৰ্চ তাৰিখে সন্ধিয়া ৬-৩০ বজাত ৰহা পুৰণি চাৰিআলিৰ কোনো দোকানলৈ বজাৰ কৰিবলৈ বুলি ওলাই আহি ঘৰলৈ ঘূৰি নোযোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে।

বিগত ১৬ দিন ধৰি বিভিন্ন স্থানত অনুসন্ধান কৰে যদিও সন্ধানহীন মহিলাগৰাকীৰ কোনো সন্ধান পৰিয়ালে লাভ কৰা নাই। ২৮ বছৰীয়া দিপ্তী দেৱী নামৰ মহিলাগৰাকীৰ সন্ধান বিচাৰি ৰহা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৰহা আৰক্ষীয়ে।

নিৰুদ্দিষ্ট দিপ্তী দেৱীৰ ৬ বছৰীয়া কন্যা সন্তাটিয়ে মাতৃক বিচাৰি হাহাকাৰ কৰাৰ লগতে মাতৃক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনাই।

ৰহাত ১৬ দিনে সন্ধানহীন মহিলাঃ মাতৃক বিচাৰি হাহাকাৰ ৬ বছৰীয়া কন্যাৰ...
বিলাসী বাহনেৰে ছাগলী চোৰ কৰি চিৰাঙত সন্ত্ৰাস কৰা ৫ ছাগলী চোৰক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in