বনৰীয়া হাতীৰ আক্ৰমণত আহত মহিলা মণি এক্কা শয্যাগত...

বনৰীয়া হাতীৰ আক্ৰমণত আহত মহিলা মণি এক্কা শয্যাগত...

ডিজিটেল সংবাদ,নগাঁও : বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী মহিলা বৰ্তমান শয্যাগত হৈ থকা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ যে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গেন্ধালি আমগুৰিৰ মণি এক্কা নামৰ বিবাহিত মহিলাগৰাকী ৫ ফেব্ৰুৱাৰীৰ দিনা বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল।

ফলত মহিলাগৰাকীৰ এখন ভৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। নগাঁৱৰ বন বিভাগৰ তৎপৰতাত পৰিয়ালৰ লোকে সেইদিনাই নগাঁও মেডিকেল কলেজৰ হাস্পতালত ভৰ্তি কৰাই যদিও অৱস্থা গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

প্ৰায় দুমাহ ধৰি চিকিৎসা কৰাৰ পিছত সম্পূৰ্ণ সুস্থ নোহোৱাকৈ ঘৰলৈ উভতি আহে। ইয়াৰ পাছতে অতি দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ আনুসংগিক ব্যয় বহন কৰিবলৈ অসমৰ্থ হৈ পৰে। অৱশ্যে চিকিৎসা কৰি থকাৰ সময়ত বন বিভাগে খবৰ খাতি লোৱাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰিছিল।

বনৰীয়া হাতীৰ আক্ৰমণত আহত মহিলাগৰাকী আজি প্ৰায় এমাহ ধৰি ঘৰতে বিচনাত শুই বহি দিন অতিবাহিত কৰিব লগা হৈছে।ব ৰ্তমান প্ৰয়োজনীয় চিকিৎসা লাভ কৰা নাই মহিলাগৰাকীয়ে। ফলত পূৰ্বতকৈ দুৰ্বল হৈ পৰিছে মহিলাগৰাকী।

আনৰ সহায় লৈহে নিত্য নৈমিত্তিক কাম সম্পন্ন কৰিবলগীয়া হৈছে তেওঁ। পৰিচৰ্যা কৰিবৰ বাবে অনবৰতে এজন মানুহৰ প্ৰয়োজন হয়। মহিলাগৰাকীৰ স্বামী মঞ্জিত এক্কাই দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিব লাগে।

তিনিজন পুত্ৰৰ ডাঙৰজনেও দিন হাজিৰা কৰে। আন দুজনে অধ্যয়ন কৰি আছে। অতি দৰিদ্ৰ পৰিয়ালটোৰ এতিয়া জীৱিকা নিৰ্বাহ কৰাত সমস্যা হৈছে। অৰুণোদয় আঁচনি ,প্ৰধানমন্ত্ৰী আবাস যোজনা আদি আঁচনিৰ সুবিধা লাভ কৰা নাই বুলি জানিব পৰা গৈছে।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়ত বন বিভাগে সহায় কৰিছিল যদিও বৰ্তমান বন বিভাগে চিকিৎসাৰ ক্ষেত্ৰত খা খবৰ লোৱা নাই। পৰিয়ালটোৰ জীবিকা নিৰ্বাহৰ বাবে নগাঁও বন বিভাগত এটা মাষ্টাৰৰোল কৰ্মচাৰীৰ চাকৰি পুত্ৰৰ কাৰণে বিচাৰি মঞ্জিত এক্কাই বনবিভাগক অনুৰোধ কৰিছিল যদিও সেয়া নহ'ল।

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ মহিলাগৰাকী সুস্থ হৈ উঠিবলৈ উন্নত চিকিৎসাৰ প্ৰয়োজন। সেয়ে পৰিয়ালটোৰ লগতে স্থানীয় সচেতন লোকে এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ,বনমন্ত্ৰী ,স্বাস্থ্যমন্ত্ৰীক আহ্বান জনাইছে।

বনৰীয়া হাতীৰ আক্ৰমণত আহত মহিলা মণি এক্কা শয্যাগত...
বৰ্ষাপাৰাত ৰাজকীয় ইনিংছ ৰিয়ান পৰাগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in