ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ চাহ বাগিচাত পুনৰ বাঘৰ সন্ত্ৰাস। শনিবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত ঢেকীয়াপতীয়াৰ আক্ৰমণত আহত হয় এগৰাকী মহিলা শ্ৰমিক। মহিলাগৰাকী কলিয়াবৰ চাহ বাগিচাৰ বৰ লাইনৰ যমুনা গঁড়।
শিলঘাটৰ ১৩ নম্বৰ বাগানৰ মাজত স্বামী দিলীপ গঁড়ৰ সৈতে খৰি লুৰিবলৈ গৈছিল মহিলাগৰাকী। তেনে সময়তে এটা ঢেকীয়াপতীয়া বাঘে আক্ৰমণ কৰে মহিলাগৰাকীক।
মহিলাগৰাকীক বাঘৰ মুখৰ পৰা কোনোমতে ৰক্ষা কৰে স্বামী দিলীপ গঁড়ে। এফালে বাঘে টনাৰ বিপৰীতে আনফালে মহিলাগৰাকীক টানি ধৰি ৰক্ষা কৰে স্বামী দিলীপ গড়ে।
বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলাগৰাকীক জখলাবন্ধাৰ কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। বাঘৰ আক্ৰমণত মূৰত গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী।