বঢ়মপুৰত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু...

এটা সপ্তাহে ভৰ্তি হৈ আছিল হাস্পতালত

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু...

বঢ়মপুৰত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু...

ডিজিটেল সংবাদ বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ বেজৰগাঁৱত ৭৬ বছৰীয়া এগৰাকী মহিলা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। মৃত মহিলাগৰাকীৰ নাম মাধৱী বেজবৰুৱা।

Advertisment

উল্লেখ্য যে, যোৱা এটা সপ্তাহে এই মহিলাগৰাকী গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছিল। কিন্তু শেহতীয়াকৈ তেওঁক চিকিৎসালয়ৰ পৰা স্বগৃহলৈ লৈ অহাৰ পিছত ঘৰতেই তেওঁৰ মৃত্যু হয়।

মহিলাগৰাকীৰ এইদৰে মৃত্যু হোৱা ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। সমান্তৰালকৈ অঞ্চলটোৰ লোকসকল জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণক লৈ আতংকিত হৈ পৰাও পৰিলক্ষিত হৈছে।

Also Read: পেৰিছ অলিম্পিকৰ পৰা নীতা আম্বানীয়ে দিলে আন এক ভাল খবৰ...

বঢ়মপুৰ জাপানীজ এনকেফেলাইটিছ