/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3b43cd04-e0fd-4aa5-9148-cc9ed86c8b24/1234.jpg)
ডিজিটেল সংবাদ,লংকা : দেওবাৰে পুৱা প্ৰায় ৪-০০ বজাত এটা বনৰীয়া হাতীয়ে কাকী তিনি নং বিহাৰীবস্তিত সন্ত্ৰাস চলাই ৫ঘৰ লোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে। ইয়াৰোপৰি বনৰীয়া হাতীটোৰ আক্ৰমণত নন্দ কিশোৰ ৰবিদাস নামৰ লোকজনৰ হাত এখন ভাঙি যায়।
আনহাতে হাতীটোৰ সন্ত্ৰাসত ৰবীন্দ্ৰ চৌহান, কেশৱ চৌহান, সুন্দৰ ৰবিদাস আৰু হৰিপ্ৰসাদ চৌহান নামৰ লোককেইজন কথমপি ৰক্ষা পৰে বুলি জানিবলৈ দিয়ে। অভিযোগ অনুসৰি বনবিভাগক খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত নোহোৱা ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে।
Also Read: ক'ত পুৰুষত্বৰ চিন হিচাপে কাটে মানুহৰ মুণ্ড জানিবলৈ পঢ়ক...