/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ab81f0fe-e725-4d5c-bae7-7a233f4a1f51/7.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলীঃ নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অৰ্ন্তগত কঠীয়াতলীৰ ভিন্ন প্ৰান্তত থকা কুঁহিয়াৰ খেতিত বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সুঁৱৰিছে কুঁহিয়াৰ কৃষক সকলে। নিশা হলেই কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ বৃহৎ জাক এটাই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ভিন্ন প্ৰান্তত চলাই আহিছে সন্ত্ৰাস।
হাতীৰ জাকটোৱে তেলিয়াআটি আৰু বেঙেনাআটি গাঁৱৰ কৃষকৰ বহু বিঘা কুঁহিয়াৰ খেতি খোৱাৰ লগতে গছকি অনিষ্ট কৰাত শোকত ভাঙি পৰিছে কৃষকসকল । বানপানীৰ আৰু অনাবৃষ্টিৰ ফলত বহু অনিষ্ট ভোগ কৰাৰ পিছতো কুঁহিয়াৰ খেতি ডৰা বন্যহস্তীৰ পৰা ৰক্ষা কৰিব নোৱাৰি ত্ৰাহিমধুসূদন সুঁৱৰিছে দুখীয়া কৃষকসকলে। বন্যহস্তীৰ জাক খেদাত বন বিভাগৰ নিষ্ক্ৰিয় ভূমিকাক লৈ অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজে।
Also Read: ক্ষেত্রীত ভয়ংকৰ দুৰ্ঘটনা : তীব্রবেগী ইন’ভা বাহনৰ খুন্দাত নিহত এজন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us